NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ কুমাৰীকাটাত দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 21, 2019 7:38 am

বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনস্থ ভাৰত-ভূটান সীমান্তৰ বিনোৱাপুৰ তিনি আলিত এটা দুস্পাপ্য বনৰৌ উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, দুষ্প্রাপ্য বনৰৌটো শনিবাৰে নিশা এগৰাকী লোকৰ পুখুৰীৰ পৰা পাৰত উঠি থকা অৱস্থাত স্থানীয় যুৱক এজনে প্ৰত্যক্ষ কৰে।

প্ৰায় ১৫ কিলো ওজনৰ বনৰৌটো যুৱকজনে নিশাটো জালেৰে মেৰিয়াই ধৰি ৰাখে আৰু ৰাতিপুৱা কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ত খবৰ দিয়ে ।

দেওবাৰে পুৱাৰ ভাগত স্থানীয় লোক সকলে দুষ্প্ৰাপ্য বনৰৌটো চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে পাছত পুৱা ৮:৩০ মান বজাত কুমাৰীকাটাৰ বন বিভাগৰ লোক উপস্থিত হৈ বনৰৌটো উদ্ধাৰ কৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে।