NORTHEAST NOW (Assamese)
দেশ

সৰিয়হৰ ডুলিত ভূত! উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2023 3:29 pm
ED Official Arrested

অবৈধ ধনৰ লেনদেনৰ গোচৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় তদন্ত সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চলায় অনুসন্ধান। পিছে এইবাৰ সৰিয়হৰ ডুলিতে ভূত ওলাইছে। বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ খোদ এগৰাকী বিষয়াই গ্ৰেপ্তাৰ হৈছে উৎকোচ লোৱাৰ অভিযোগত।

উৎকোচ গ্ৰহণৰ অভিযোগত ৰাজস্থানত গ্ৰেপ্তাৰ হৈছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াগৰাকী। অভিযোগ অনুসৰি, চিট ফাণ্ডৰ বিষয়ত ৰুজু হোৱা এক গোচৰ বন্ধ কৰিবলৈ বিষয়াগৰাকীয়ে ১৫ লাখ টকাৰ উৎকোচ দাবী কৰিছিল।

এগৰাকী মধ্যভোগীৰ জৰিয়তে ১৫ লাখ টকাৰ এই উৎকোচ দাবী কৰিছিল বিষয়াগৰাকীয়ে। ইয়াৰ পিছতে ৰাজস্থানৰ দুৰ্নীতি বিৰোধী ইউনিটে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।

ধৃত বিষয়াগৰাকীৰ নাম নৱল কিশোৰ মীনা বুলি জানিব পৰা গৈছে। এক বিবৃতিত দুৰ্নীতি বিৰোধী ইউনিটে এই বিষয়ে সদৰী কৰি বিষয়াগৰাকীৰ চৌহদৰ লগতে তেওঁৰ সৈতে জড়িত ৰাজস্থানৰ কেইবাটাও স্থানত তালাচী চলোৱা হৈছে বুলি উল্লেখ কৰে।

লক্ষণীয়ভাৱে, বিদেশী মুদ্ৰাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰ বৈভৱক ৩০ অক্টোবৰত ইডিয়ে ৯ ঘণ্টা ধৰি জেৰা কৰিছিল। সেয়ে ইডি বিষয়াগৰাকীৰ গ্ৰেপ্তাৰ এইসময়ত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।