NORTHEAST NOW (Assamese)

সুশীল কুমাৰ ওজাৰ মৃত্যুৰ নতুন মোৰ; হত্যাৰ অভিযোগত সাঙুৰ খাইছে এনফ’ৰ্চমেন্ট পৰিদৰ্শকৰ নাম

October 11, 2018 1:49 pm · পুলেন্দ্ৰ দাস

যোৱা ৪ অক্টোবৰত মৃত্যুবৰণ কৰা কবি, গীতিকাৰ তথা বৰপেটাৰ মানৱদৰদী চিকিৎসক ডাঃ সুশীল কুমাৰ ওজাৰ মৃত্যুৱে এতিয়া নতুন মোৰ লৈছে।

উল্লেখযোগ্য যে বৰপেটা চহৰৰ নিজৰ চেম্বাৰত যোৱা ১৭ ছেপ্টেম্বৰৰ নিশা ষ্ট্ৰ’কত আক্ৰান্ত হোৱাত চিকিৎসকগৰাকীক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ৪ অক্টোবৰত উক্ত চিকিৎসালয়খনতে তেওঁ মৃত্যুবৰণ কৰে।

আনহাতে চিকিৎসক গৰাকীৰ মৃত্যুক সহজভাৱে ল’ৱ নোৱাৰি তেওঁৰ পৰিয়ালবৰ্গই এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি ৩০৪ ধাৰাৰ অধীনত ২১৪০/ ১৮ নম্বৰত বৰপেটা থানাত এটি গোচৰ পঞ্জীয়ন কৰে। যাৰ ফলত এই ‘হত্যাকাণ্ডৰ’ সৈতে এতিয়া নলবাৰী জিলা পৰিবহন বিভাগৰ এনফ’ৰ্চমেন্ট পৰিদৰ্শক তথা বৰপেটা দক্ষিণহাটী নিবাসী শৈলেন দাস ওৰফে শৈলেন মেলাৰ নাম সাঙোৰ খাই পৰিছে।

চিকিৎসক গৰাকীৰ পৰিয়ালবৰ্গ, আত্মীয় স্বজন আৰু গুণমুদ্ধই আজি দিনৰ ১১ বজাত গজিয়া পথস্থিত চিকিৎসক গৰাকীৰ বাসগৃহৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই ‘শৈলেন দাস মুৰ্দাবাদ’, ‘শৈলেন দাস নৰখাদক’, ‘আমাক ন্যায় লাগে’ আদি বিভিন্ন শ্লোগান দি চহৰখনৰ মুখ্য পথেৰে সমদল কৰাৰ লগতে অভিযুক্ত শৈলেন দাসৰ বাসগৃহৰ সন্মুখৰ পথেৰে আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়।

প্ৰতিবাদৰ অন্তত ডাঃ সুশীল কুমাৰ ওজাৰ হত্যাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী আৰু আৰক্ষী সঞ্চালকলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Related News