NORTHEAST NOW (Assamese)

সূৰ্য কুমাৰ ভূঞা সম্পাদিত বুৰঞ্জীসমূহৰ ইংৰাজী তৰ্জমাৰ চাৰিখন গ্ৰন্থ উন্মোচন

February 27, 2022 4:30 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: February 27, 2022 5:25 pm

সূৰ্য কুমাৰ ভূঞা স্মাৰক ন্যাস আৰু ডিভিএছ পাব্লিছাৰ্ছৰ উদ্যোগত শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত সূৰ্য কুমাৰ ভূঞা সম্পাদিত বুৰঞ্জীসমূহৰ ইংৰাজী তৰ্জমাৰ চাৰিখন কিতাপ উন্মোচন কৰা হয়। গ্ৰন্থ কেইখনৰ সম্পাদিকাদ্বয় হৈছে ক্ৰমে অধ্যাপিকা ড°শীলা বৰা আৰু ড°মনোৰমা শৰ্ম্মা।

অনুষ্ঠানৰ আৰম্ভনিতে লয়া সিনহাই সূৰ্যকুমাৰ ভূঞা স্মাৰক ন্যাসৰ উদ্দেশ্যাৱলী ব্যাখ্যা কৰে।

সূৰ্যকুমাৰ ভূঞা স্মাৰক ন্যাসে ২০১৫ চনতে ড° ভূঞা সম্পাদিত অসমীয়া বুৰঞ্জীসমূহ ইংৰাজীলৈ তৰ্জমা কৰাৰ এক বৃহৎ প্ৰকল্প হাতত লৈছিল।

এই বুৰঞ্জীসমূহ পুৰণি অসমীয়া ভাষাত কেইবা শতিকা আগতেই ৰচিত । গতিকে সাধাৰণ পাঠক আৰু আনকি প্ৰাচীন অসমীয়া ভাষাত ব্যুৎপত্তি নথকা আধুনিক ইতিহাস চৰ্চাত ব্ৰতী গৱেষক সকলৰ বাবেও এই বুৰঞ্জীসমূহৰ অৰ্থ উলিয়াই বিশ্লেষণ কৰাত অসুবিধা হৈছিল। এতিয়া সেই অসুবিধা ভালেখিনি দূৰ হ’ব বুলি আশা কৰা হৈছে। এই বুৰঞ্জীসমূহ অসমৰ উপৰিও চুবুৰীয়া ৰাজ্যত বসবাস কৰা সম্প্ৰদায় সমূহৰ ইতিহাস অধ্যয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ উৎস হিচাবে বিবেচিত হৈছে।

অসমৰ ইতিহাস চৰ্চা কৰাসকলৰ উপৰিও অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমাজ অধ্যয়নৰ বাবে প্ৰয়োজনীয় এই উৎস সমূহ ইংৰাজী ভাষাত প্ৰকাশ পোৱাৰ ফলত দেশ- বিদেশৰ ইতিহাসবিদসকলৰ এটা গুৰুত্বপূৰ্ণ অভাৱ পূৰণ হব বুলি ধাৰণা কৰা হৈছে। ড° ভূঞাই নিজৰ জীৱনকালতে অসমৰ এই সমল বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ সপোন দেখিছিল। এই চাৰি খন বুৰঞ্জীৰ ইংৰাজী অনুবাদৰ প্ৰকাশে ড°ভূঞাৰ সেই সপোন পূৰণৰ বাট প্ৰশস্ত কৰিলে।

দ্বিতীয় পৰ্যায়ত বাকী পাঁচ খন গ্ৰন্থ প্ৰকাশৰ বাবেও ন্যাসে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰথম পৰ্যায়ত প্ৰকাশিত চাৰি খন গ্ৰন্থ অনুবাদ কৰিছে মৃণাল ডেকা (কছাৰী বুৰঞ্জী), মহেশ চন্দ্ৰ বৰা (ডেওধাই অসম বুৰঞ্জী), অনিল কুমাৰ বৰুৱা (জয়ন্তীয়া বুৰঞ্জী), সঞ্জীৱ নাথ (হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী)।ড° শীলা বৰা আৰু ড° মনোৰমা শৰ্ম্মাই অনুদিত চাৰিও খন বুৰঞ্জীৰ সম্পাদনা কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু বিদগ্ধ পণ্ডিত ড° উদয়ন মিশ্ৰ আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ভৱেশ গোস্বামীয়ে এই গ্ৰন্থ কেইখন উন্মোচন কৰে। ড° মিশ্ৰই তেখেতৰ ভাষণত কয় যে ইতিহাস কেৱল অতীতৰ গৌৰৱ গাঠা নহ্য় আৰু ই কেৱল এক বিশেষ দৃষ্টিকোণৰ ভাষ্যও হব নোৱাৰে। ই চৰ্চিত সময়ৰ বিভিন্ন মতক প্ৰতিফলিত কৰিব পাৰিব লাগিব।

ইংৰাজী সংস্কৰণৰ সম্পাদিকা ড° শীলা বৰা আৰু ড° মনোৰমা শৰ্ম্মাই অসমীয়া বুৰঞ্জী সমুহৰ অনুদিত ৰূপ সম্পাদনা কৰোঁতে সন্মুখীন হোৱা সমস্যা সমূহ ব্যাখ্যা কৰে। লগতে এই সমস্যা সমূহৰ বাবে তেখেতসকলে লোৱা ব্যৱস্থাৰো বৰ্ণনা দিয়ে। দুয়োয়ে আঙুলিয়াই দিয়ে যে এই অনুবাদ সমূহত কোনো ব্যাখ্যা বা বিশ্লেষণ সংযোজন কৰা হোৱা নাই। পাঠকসকলে যাতে মৌলিক পাণ্ডুলিপিৰ লগত অনুদিত পাঠ ৰিজাই চাব পাৰে সেইবাবে মৌলিক পাণ্ডুলিপি গ্ৰন্থসমূহৰ বাওঁফালৰ পৃষ্ঠাত হুবহু মুদ্ৰণ কৰা হৈছে।অৱশ্যে এইক্ষেত্ৰত ঐতিহাসিক প্ৰসংগৰ সংগতি ৰক্ষাৰো চেষ্টা কৰা হৈছে।

গ্ৰন্থ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড°অখিল ৰঞ্জন দত্ত, কৰ্মবীৰ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড°শিখামণি কোঁৱৰ, আৰু উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ড° বিনায়ক দত্তই অংশগ্ৰহণ কৰে।

ড° অখিল ৰঞ্জন দত্তই কয় যে বুৰঞ্জী যিহেতু সমসাময়িক সমাজ পদ্ধতিৰ লগত জড়িত লোকে ৰচনা কৰা বিৱৰণ সেইবাবে ইয়াৰ গুৰুত্ব অসীম। বুৰঞ্জী ইতিহাসবিদৰ ভাষ্য নহয়; ই বিবেচনাধীন সময়ৰ ব্যৱস্থাৰ লগত জড়িত লোকৰ দ্বাৰা লিপিৱদ্ধ বিবৰণ। সেই হিচাপে অনুদিত সংস্কৰণৰ প্ৰকাশে গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰিব বুলি তেওঁ মন্তব্য কৰে।

ড° শিখামণি কোঁৱৰে কয় যে বুৰঞ্জী এক বিশেষ শাসন ব্যৱস্থাৰ উদ্দেশ্য সাধনৰ বাবে লিখা হয় । ৰাজকীয় ঘটনাৱলীৰ কালানুক্ৰমিক বিৱৰণ ইতিহাসৰ গুৰুত্বপুৰ্ণ সমল। এই সমল পঢ়ুৱৈৰ সমাজলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা সেয়া এক এক মহৎ কাম হৈছে বুলি তেওঁ কয়।

ড° বিনায়ক দত্তই কয় যে পাঠভিত্তিক সমল সমূহে আমাক অতীতৰ সৈতে যোগাযোগ স্থাপন কৰাত এক লংগৰ হিচাপে সহায় কৰিব।

সমজুৱাৰ মন্তব্যৰে সমাপ্ত হোৱা সভাত গ্ৰন্থ সমূহৰ প্ৰকাশক ডিভি এছ পাব্লিছাৰ্ছৰ বিনয় শৰ্ম্মাই শলাগৰ শৰাই আগবঢ়ায়।

Related News