NORTHEAST NOW (Assamese)
অসম

‘লাজ’ লগা কথাৰে প্ৰেমিকালৈ চিঠি মিঃ ৰাজকুমাৰৰ, ক্লিক কৰি চাওক ভাইৰেল Video

Posted by: এন ই নাও নিউজ December 20, 2018 5:41 pm
mr rajkumar assam

YouTubeত বিভিন্ন ভিডিঅ’ৰে অসমত বিশেষকৈ ইণ্টাৰনেট ব্যৱহাৰকাৰী নৱ প্ৰজন্মৰ মাজত ব্যাপক চৰ্চা লাভ কৰা মিঃ ৰাজকুমাৰে মুকলি কৰিছে এটা নতুন মিউজিক ভিডিঅ’।

পূৰ্বৰ দৰেই এই ভিডিঅ’টোৱেও লাভ কৰিছে ব্যাপকসংখ্যক দৰ্শকৰ সঁহাৰি। মাত্ৰ এটা দিনতে ভিডিঅ’টোৰ দৰ্শনকাৰী ৮ হাজাৰ চোৱাৰ দিশে অগ্ৰসৰ হৈছে।

ক্লিক কৰি চাওক মিঃ ৰাজকুমাৰৰ নতুন ভিডিঅ’

যোৱা নৱেম্বৰত অসমৰ চিত্ৰগৃহত মুক্তি পাইছিল মিঃ ৰাজকুমাৰ অভিনীত ১ম খন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনে’মা ‘আহি আছে’।

নিপন ধলুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই চিনে’মাখনত ৰাজকুমাৰৰ লগতে অসমৰ চিনেমা জগতৰ আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীকো দেখা গৈছিল। ছবিখনৰ গীতত কণ্ঠদান কৰিছিল দীপেন বৰুৱাই।