NORTHEAST NOW (Assamese)
Popular Stories

৪২৬ ৰানৰ প্ৰত্যুত্তৰত মাত্ৰ ২ ৰানতে অল আউট! ভংগ হ’ল ২০০ বছৰীয়া অভিলেখ, ক’ত ঘটিল এয়া?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 27, 2025 8:14 am

ক্ৰিকেটক চৰম অনিশ্চয়তাৰ খেল বুলি কোৱা হয়। কিন্তু ইমান ‘অনিশ্চয়তা’ও সম্ভৱনে? য’ত এটা দলে ৪৫ অভাৰত সংগ্ৰহ কৰিলে ৪২৬ ৰান। স্ক’ৰব’ৰ্ডত ‘এক্সট্ৰা’ ৰাণ ৯২। আৰু তাত বিপক্ষ দলে মাত্ৰ ২ ৰানতে সকলো উইকেট হেৰুৱাই পেলালে! হয়, সেইটো আপুনি ঠিকেই পঢ়িছে। মাত্ৰ ২ ৰান!

তেনে এখন মেচ হৈ গ’ল ইংলেণ্ডত। মিডলছেক্স কাউন্টি ক্ৰিকেটৰ তৃতীয় ডিভিজনক লৈ এনেয়ে ইমান চৰ্চা হোৱাৰ কথা নাই। কিন্তু এনে স্ক’ৰব’ৰ্ডৰ বাবেই ৰিচমণ্ড চিচিৰ বিৰুদ্ধে নৰ্থ লণ্ডন চিচিৰ জয়ৰ মেচখন এইদৰে চৰ্চাৰ মাজলৈ আহিছে।

প্ৰথমে বেটিং কৰি নৰ্থ লণ্ডনে ৪৫ অভাৰত ৪২৬ ৰান সংগ্ৰহ কৰে। সেইটোও মাত্ৰ ৪ টা উইকেট হেৰুৱাই। অ’পেনাৰ ডেনিয়েল ছিমনছে ১৪০ ৰান সংগ্ৰহ কৰে। বাকী কোনোৱেই অৰ্ধশতকৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে।

তেন্তে ইমান ৰান কেনেকৈ কৰিলে? ডেনিয়েলৰ পিছতে নৰ্থ লণ্ডনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ‘এক্সট্ৰা’। ৰিচমণ্ড চিচিৰ বলাৰসকলে অতিৰিক্ত ৯২ ৰান দিয়ে। তাৰে ৬৫ ৰান আহে ৱাইড বলৰ পৰা। তাৰপিছতো খেলৰ আনন্দ থাকি গ’ল!

গোটেই দিন ধৰি ইমান ৰান দি ৰিচমণ্ডৰ খেলুৱৈসকল চাগে ভাগৰুৱা হৈ পৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত সকলোৱে বেটিং কৰিবলৈ আহিল আৰু গ’ল। তেওঁলোকৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে টম পেট্ৰিডেছে। তেওঁৰ কৰে ১ ৰান। আন এটা ৰান অতিৰিক্ত হিচাপে আহিল। মুঠ ৰান ২।

মাত্ৰ ৫.৪ অভাৰতে ৰিচমণ্ডে হেৰুৱালে সকলো উইকেট। মুঠতে ৪২৪ ৰানত তেওঁলোক পৰাস্ত হয়। নৰ্থ লণ্ডনৰ মেথিউ ৰ’ছনে ২.৪ অভাৰত কোনো ৰান নিদিয়াকৈ ৫টা উইকেট দখল কৰে। ইয়াৰ আগতে ১৮১০ চনত  ‘দ্য বিজ’ নামৰ এটা দলে ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৬ ৰানতে অল আউট হৈছিল। অৰ্থাৎ ৰিচমণ্ডে ২২৫ বছৰীয়া লজ্জাজনক অভিলেখ ভংগ কৰিলে।