NORTHEAST NOW (Assamese)

প্লাষ্টিকমুক্ত উমানন্দৰ বাবে ‘ভইচ অব এনভাইৰ’মেণ্ট’ৰ সজাগতা অভিযান

March 25, 2019 5:42 pm · এন ই নাও নিউজ
উমানন্দত সজাগতা অভিযান

বিশ্ব জল দিৱস উপলক্ষে ‘ভইচ অব এনভাইৰ’মেণ্ট’ নামৰ এটা স্বীকৃতি প্ৰাপ্ত স্বেচ্ছাসেৱী সংস্থাই বিশ্বৰ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দক প্লাষ্টিক মুক্ত কৰি এটা প্ৰকৃতি অনুকূল নদী দ্বীপ হিচাপে গঢ় দিয়াৰ বাবে প্ৰচাৰ চলায়।

২৪ মাৰ্চ অৰ্থাৎ দেওবাৰে ঐতিহ্যক্ষেত্ৰটোক পৰিস্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সংস্থাটোৰ তৰফৰ পৰা সজাগতা অভিযান মুকলি কৰা হয়।

সজাগতা অভিযানৰ দৃশ্য

প্ৰাকৃতিক উদ্ভিদ আৰু প্ৰাণীৰে উমানন্দ জৈৱ বৈচিত্ৰতাৰ ভড়াল। নদী দ্বীপটোত পোৱা লুপ্তপ্ৰায় প্ৰজাতিৰ সোণালী বান্দৰৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ আটাইতকৈ দৰকাৰী কথা হিচাপে অভিহিত কৰে এন জি অ’টোৰ এজন কৰ্মীয়ে।

প্ৰতিবছৰে সৌন্দৰ্য্য উপভোগ আৰু উপাসনাৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে নদী দ্বীপটোত। দৰ্শনাৰ্থী সকলে প্লাষ্টিকৰ পানীৰ বটল, বেগ আদি বস্তু কঢ়িয়াই আনি নদী দ্বীপটোত যেনি-তেনি পেলাই দিয়াটো এক সহজলভ্য দৃশ্যত পৰিণত হৈছে যাৰ বাবে উমানন্দৰ প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্যতাত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে।

আনহাতে, জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ সন্মুখত প্লাষ্টিকৰ বৰ্জনীয় সামগ্ৰী পৰিস্কাৰ কৰা কামটো ডাঙৰ প্ৰত্যাহবান হিচাপে দেখা দিছে। এনেবোৰ প্ৰত্যাহবান আৰু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ‘ভইচ অব এনভাইৰ’মেণ্ট’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে উমানন্দ ফেৰী ঘাটত পৰ্যটক সকলৰ বাবে সজাগতা কাৰ্য্যসূচী মুকলি কৰিছে। জিলা প্ৰশাসন আৰু উমানন্দ মন্দিৰ পৰিচালনা সমিতি আৰু আভ্যন্তৰীণ জলপৰিবহন বিভাগে সংস্থাটোৰ প্ৰতি সহযোগিতা আগবঢ়াইছে।

Related News