NORTHEAST NOW (Assamese)
অসম

চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত হ’ব গুৱাহাটীস্থিত ই এছ আই হাস্পাতাল

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 9, 2024 3:30 pm

ই এছ আই চি মেডিকেল কলেজলৈ উন্নীত হ’ব গুৱাহাটীৰ বেলতলাস্থিত আদর্শ ই এছ আই চি হাস্পতাল।  এইখনেই হ’ব উত্তৰ-পূব ভাতৰ প্ৰথমখন ই এছ আই চি মেডিকেল কলেজ

মঙলবাৰে এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় শ্রম মন্ত্রী মনসুখ মাণ্ডভিয়াই।

নতুন দিল্লীত অনুষ্ঠিত হোৱা ১৯৪ সংখ্যক ই এছ আই চিৰ বৈঠকত এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উক্ত বৈঠকত ই এছ আই চিৰ অধীনত দেশত মুঠ দহখন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ সিদ্ধান্ত ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, ইতিমধ্যে আৰম্ভ কৰা হৈছে মেডিকেল কলেজখনৰ আন্তঃগাঠনিৰ কাম। এই হাস্পাতালখন মেডিকেল কলেজলৈ উন্নীত হ’লে ব্যক্তিগত খণ্ডত কৰ্মৰত নিম্ন মধ্যবিত্তীয় পৰিয়াল সমূহে বিশেষভাবে উপকৃত হ’ব বুলি ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।