NORTHEAST NOW (Assamese)
অসম

যোগান বিভাগৰ নিৰ্দেশৰ পাছতো বোকাখাতত অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰাদাম; হিতাধিকাৰীৰ ৫ কেজি চাউলতো মধ্যভোগীৰ চকু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 13, 2020 4:13 pm
Onion

অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুবীয়ে গোলাঘাটলৈ আহি কোনো লোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি ঘোষণা কৰাৰ পাছতো গৰু বিহুৰ দিনাখন বোকাখাতৰ বজাৰত চিৰা, বৰা আৰু চকোৱা চাউল ৮০ ৰ পৰা ১২০ টকা, গুৰ ৮০ টকা, তিল ১৮০ পৰা ২০০ টকাত বিক্রী হয় ।

ইপিনে, মধ্যভোগী এচাম দালালৰ বাবে পাচলিৰ দামো বৃদ্ধি পাইছে। বোকাখাতত নগাঁৱৰ পৰা অহা পাচলিৰ বিক্ৰী প্ৰশাসনে বন্ধ কৰি স্থানীয় পাচলিৰ ব্যৱস্থা কৰিছিল যদিও একাংশ বেপাৰীয়ে প্ৰশাসনৰ চকুত ধুলি মাৰি এতিয়া নগাঁৱৰ পৰা অনা পাচলি বোকাখাতৰ বজাৰত মুকলিকৈ বিক্ৰী কৰি আছে ৷

বিভিন্ন বেপাৰীয়ে সংগোপনে অনা এই পাচলিবোৰক বোকাখাতৰ স্থানীয় পাচলি বুলি বিক্ৰী কৰি আছে।

কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ মৰিয়াহোলাত কুইন্টলে কুইন্টলে কৃষকৰ বিলাহী নষ্ট হোৱাৰ পাচতো তেনে সময়ত বোকাখাত বজাৰত ২০ টকা দৰত বাহিৰৰ বিলাহী বিক্রী হৈ আছে।

বোকাখাতত আলু প্ৰতিকেজিত ২০ টকা দৰত বিক্রী কৰিবলৈ মহকুমা প্রশাসনে মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো ঠাই বিশেষে ২৩/২৫ টকা দৰত আলু বিক্ৰী হৈ আছে।

ল’কডাউনৰ সুবিধা লৈ স্থানীয় কৃষকক মাধমাৰ শোধাই মধ্যভোগী ব্যৱসায়ীয়ে বুঢ়া আঙুলি প্রদর্শন কৰিছে কৃষি মন্ত্রী আৰু যোগান মন্ত্ৰীৰ আশ্বাসক।

আনহাতে, বোকাখাতৰ যোগান বিভাগ বৰ্তমানো নিদ্ৰামগ্ন অৱস্থাত আছে । যোগান বিভাগৰ নিৰ্দেশ মতে সমবায় সমিতিৰ এজেন্টবোৰে প্ৰতিজন হিতাধিকাৰীক দিব লগা ৫ কিলোগ্ৰাম চাউলৰ ঠাইত ২/৩ কিলোগ্ৰাম চাউল দি বাকী ৰাহি চাউলৰ চোৰাং ব্যৱসায় আৰম্ভ কৰিছে ৷

এই বিষয়ত হিতাধিকাৰী সকলে বোকাখাত মহকুমাৰ যোগান বিভাগক জনোৱাৰ পাছতো বৰ্তমানলৈ তেওঁলোকে কোনোধৰণৰ সুফল লাভ কৰা নায়।

কেন্দ্রীয় চৰকাৰে উজ্বলা গেছৰ হিতাধিকাৰী সকলক বিনামূলীয়াকৈ গেছৰ যোগান ধৰাৰ কথা ঘোষণা কৰি হিতাধীকাৰী সকলৰ বেংক একাউণ্টত ৭৬৩ টকা জমা কৰে যদিও বোকাখাতৰ এইছ পি গেছ এজেন্সিৰ নীতি বহিৰ্ভূতভাৱে চলি থকা চাব এজেণ্টসমূহে প্ৰতিটো চিলিণ্ডাৰৰ নামত ৮৭০ টকা আদায় লোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ল’কডাউনৰ সময়ত দুখীয়াৰ মুখৰ ভাত কাঢ়ি খোৱা চাউলৰ পৰা পাচলি আৰু গেছ ব্যৱসায়লৈকে থকা দালাল বোৰক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবৰ বাবে মহকুমাধিপতিক অনুৰোধ জনাইছে স্থানীয় জনসাধাৰণে ৷