NORTHEAST NOW (Assamese)

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ছচিয়েল মিডিয়াত বিয়পি পৰা ভুৱা আৰু ডিপফেক ভিডিঅৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। এই পোষ্টবোৰত দাবী কৰা হৈছিল যে চৰকাৰৰ ই২০ ইথানল কাৰ্যসূচীৰ পৰা গাডকাৰী আৰু তেওঁৰ পৰিয়ালে আৰ্থিকভাৱে লাভৱান হৈছে। ন্যায়ালয়ে তেওঁক মেটা আৰু অন্যান্য ছচিয়েল মিডিয়া প্লেটফৰ্মৰ লগতে এই ভুৱা খবৰ বিয়পোৱা অচিনাক্ত লোকসকলৰ বিৰুদ্ধে দেৱানী গোচৰ তৰিবলৈ অনুমতি প্ৰদান কৰিছে।

গাডকাৰী ইথানল ব্যৱহাৰৰ এজন মুখ্য সমৰ্থক যদিও এই নীতি প্ৰকৃততে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়েহে পৰিচালনা কৰে। তেওঁৰ অধিবক্তা সন্দীপ এছ লাড্ডাই ন্যায়ালয়ত যুক্তি দৰ্শাইছিল যে এই অপমানজনক পোষ্টবোৰ মুম্বাইৰ লগতে বাহিৰৰ মানুহেও ইণ্টাৰনেটৰ জৰিয়তে চাইছে, সেয়েহে এই আবেদন গ্ৰহণ কৰিব লাগে। দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত ন্যায়াধীশ অভয় আহুজাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গোচৰ ৰুজু কৰাৰ আইনী অনুমতি দিয়ে।

ইয়াৰ প্ৰায় দুসপ্তাহ পূৰ্বেও এই একেই বিষয়ত ভুৱা খবৰ বিয়পোৱাৰ অভিযোগত নাগপুৰত চাৰিজন ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। এইসকলৰ ভিতৰত জনপ্ৰিয় ইউটিউবাৰ তথা ৰাজনীতিবিদ মনীষ কাশ্যপ, ইনষ্টাগ্ৰাম একাউণ্ট দেশী বয়জ, হৰ্ষিত ৰাঠী আৰু অংক্লেশ ইনভাটিৰ নাম সন্নিৱিষ্ট আছে।

বৰ্তমান ই২০ ইন্ধনক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলি আছে। এই ইন্ধনত ২০ শতাংশ ইথানল আৰু ৮০ শতাংশ পেট্ৰল মিহলোৱা হয়। চৰকাৰে দাবী কৰিছে যে এই ইন্ধন পৰিৱেশৰ বাবে অনুকূল আৰু দেশৰ শক্তি খণ্ডৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু একাংশ বাহন চালক আৰু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সমালোচনা কৰি কৈছে যে ইয়াৰ ফলত পুৰণি বাহনৰ ইঞ্জিনৰ ক্ষতি হব পাৰে আৰু ইন্ধনৰ মাইলেজ কমি যাব পাৰে।

Related News