NORTHEAST NOW (Assamese)
অসম

চীনৰ আধিপত্য ৰুধিবলৈ এছিয়া-ইউৰোপক সংঘবদ্ধ হোৱাৰ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2021 8:02 pm
a china

কাৰ্যভাৰ গ্ৰহণৰ দিনটোৰে পৰা বিভিন্ন বিষয়ত চীনৰ বিৰুদ্ধে সৰৱ হৈ থকা মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে শেহতীয়াকৈ চীনৰ আগ্ৰাসনবাদী চৰিত্ৰ বিৰুদ্ধে এছিয়া-ইউৰোপৰ দেশ সমূহক সতৰ্ক কৰি দিছে।

হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে চীনৰ আগ্ৰাসনবাদী অৰ্থনৈতিক দৃষ্টিভংগীৰ বিৰুদ্ধে সকলোৱে সৰ্তক থাকি চীনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বিদেনে এছিয়া-ইউৰোপৰ দেশসমূহৰ প্ৰতি আহ্বান জনায়।

বিদেনে কয় ‘চীনৰ সৈতে আমাৰ কঠোৰ প্ৰতিযোগিতা হ’বলৈ ওলাইছে।মই সেয়াই অনুমান কৰিছো আৰু পৰৱৰ্তী পৰিস্থিতিক স্বাগতমো জনাইছো।ইউৰোপ আৰু আমেৰিকাৰ সৈতে ইণ্ডো-পেছিফিক মিত্ৰ দেশসমূহৰ বিগত ৭০ বছৰত যি সম্পৰ্ক গঢ়ি উঠিছে সেই সম্পৰ্কত মই বিশ্বাস কৰো।অৰ্থনৈতিক ক্ষেত্ৰত চীনৰ আগ্ৰাসন আমি ৰুধিব লাগিব’।

উল্লেখ্য  ট্ৰাম্পৰ দিনত আমেৰিকাৰ সৈতে চীনৰ যি তিক্ত সম্পৰ্ক গঢ়লৈ উঠিছিল সেয়া হয়তো বিদেনৰ দিনত মধুৰ হৈ পৰিব বুলি ভবা হৈছিল ।

কিন্তু শেহতীয়াকৈ তাৰ এখন ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাবে শপতগ্ৰহণ কৰাৰ পিছতে জো বিদেনে বিশ্বৰ কেইবা খনো দেশৰ ৰাষ্ট্ৰপ্ৰধানলৈ ফোন কৰিছে যদিও চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙলৈ তেওঁ ফোন কৰা নাছিল।

কিছুদিন পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙলৈ ফোন কৰে।

চীনা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অচিলালৈ জিনপিঙলৈ বিদেনে কৰা ফোন কলটোৱে দুয়ো খন দেশৰ সম্পৰ্ক উন্নীত কৰাত সহায় কৰিব বুলি ভবা হৈছিল যদিও প্ৰকৃতাৰ্থত তেনে নহ’ল।

আলোচনা কালত বিদেনে জিনপিঙক ইণ্ডো-পেচিফিক অঞ্চলত কোনো কাৰণতে শান্তি বিঘ্নিত যাতে নহয় সেই বিষয়ত চীনক সংযত হৈ থাকিবলৈ এক প্ৰকাৰ সতৰ্ক কৰি দিছিল।

টেলিফোনিক বাৰ্তালাপত চীনৰ সেনাই দেশ খনৰ জিনজিয়াং প্ৰদেশত ব্যাপক হাৰত মানৱাধিকাৰ উলংঘা কৰাৰ বিষয়টোত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ উদ্বেগ ব্যক্ত কৰিছিল।

জিনজিয়াঙত মানৱাধিকাৰ উলংঘাৰ ঘটনা বন্ধ কৰিবলৈও বিদেনে চীনৰ ৰাষ্ট্ৰপতিগৰাকীক সতৰ্ক কৰি দিছিল।