NORTHEAST NOW (Assamese)

শিলসাঁকোৰ পাছত নিউ গুৱাহাটী ৰেলৱে কলনিত বুলডজাৰৰ হাতোৰা; জাননী নিদিয়াকৈ উচ্ছেদৰ অভিযোগ

June 11, 2022 9:42 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: June 12, 2022 4:16 pm

শিলসাঁকোৰ পাছত নিউ গুৱাহাটী ৰেলৱে কলনি!

শনিবাৰে নিউ গুৱাহাটী,ৰে’লৱে কলনিত ৰে’লৱে বিভাগৰ উচ্ছেদ অভিযান।

দীর্ঘদিনে ৰে’লৱেৰ মাটিত ঘৰ বনাই ব্যৱসায় চলাই থকা লোকক উচ্ছেদ।

কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ স্থানীয় লোকৰ।

উচ্ছেদ চলোৱা বুলডেজাৰৰ সন্মুখত বাগৰি বাগৰি কান্দি প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিত জনতাৰ মন্তব্য “উচ্ছেদ চলোৱাৰ পূৰ্বে আমাক মাৰি পেলাওঁক”।

উল্লেখযোগ্য যে, প্ৰায় ২০/২৫ ধৰি এই স্থানত ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ লগতে ঘৰ বনাই বাস কৰি আছিল লোক সকলে।

কিন্তু কিয় হঠাৎ উচ্ছেদ চলোৱা হ’ল বামুণী মৈদামৰ ভাস্কৰ নগৰৰ ৰেলৱে কলনিত?

উচ্ছেদিতৰ কান্দোনৰ মাজতে এফালৰ পৰা ৰেলৱে কতৃপক্ষই চলাই গ’ল উচ্ছেদ অভিযান।

উচ্ছেদ কৰিবলৈ বাকী থকা গৃহসমূহ দুদিনৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ ৰেলৱেৰ। অন্যথা পুনৰ উচ্ছেদ চলাব বাকী থকা গৃহ সমূহত।

Related News