NORTHEAST NOW (Assamese)

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি পৰাৰ কেইঘন্টাৰ পাছতে বিজেপি বিধায়কৰ গাড়ীত ওলাল ইভিএম!

April 2, 2021 9:55 am · এন ই নাও নিউজ

দক্ষিণ অসমৰ পাথাৰকান্দিত এগৰাকী বিজেপি বিধায়কৰ গাড়ীত ইভিএম কঢ়িওৱাৰ অভিযোগ তুলি এটা ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে উত্তেজনাৰ সৃষ্টি হয়।

বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰাৰ মাত্ৰ কেইঘন্টামান পাছতে ভিডিঅ’টো পোহৰলৈ আহে।

পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ গাড়ীত ইভিএম কঢ়িওৱা হৈছিল।

ভিডিঅ’টোত দেখা গৈছে যে AS 10B 0022 নম্বৰৰ পঞ্জীয়ন থকা এখন বগা জীপৰ ভিতৰত ইভিএমবোৰ আছিল। ভিডিঅ’টোত জীপখন কৃষ্ণেন্দু পালৰ বুলি কোৱা শুনা গৈছিল।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ, দলটোৰ অসমৰ দায়িত্ববাহী জিতেন্দ্ৰ সিঙকে ধৰি কেইবাগৰাকীও নেতাই টুইটাৰত ভিডিঅটো শ্বেয়াৰ কৰিছে।

প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচন আয়োগক ইভিএমবোৰৰ ব্যৱহাৰৰ এক গুৰুত্বপূৰ্ণভাৱে পুনৰ্মূল্যায়নৰ বাবে আৰ্জি জনাইছে।

গান্ধীয়ে টুইটাৰত কয়, ‘’নিৰ্বাচন আয়োগে এই অভিযোগসমূহৰ বিষয়ে গুৰুত্বসহকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো ৰাষ্ট্ৰীয় দলৰ দ্বাৰা ব্যৱহৃত ইভিএমসমূহৰ এক ছিৰিয়াছ পুনৰ্মল্যায়নৰ প্ৰয়োজন।‘’

Related News