NORTHEAST NOW (Assamese)
অসম

স্বাধীন অসমৰ স্বপ্ন শেষ! আছুক বিদায় জনাই সশস্ত্ৰ বিপ্লৱলৈ যোৱা পংকজৰ আত্মসমৰ্পণ

Posted by: ঋতুপল্লৱ শইকীয়া Updated by: ঋতুপল্লৱ শইকীয়া September 2, 2019 12:07 am
Ulfa_Pankaj-300x211

এবছৰ পূৰ্বে আছুৰ বিষয়বাব এৰি স্বাধীন অসমৰ স্বপ্নৰে আলফা (স্বা:)-অত যোগদান কৰি চাঞ্চল্যৰ সৃষ্টি কৰা গোলাঘাটৰ পংকজ প্ৰতিম দত্তসশস্ত্ৰ বিপ্লৱৰ পথৰ পৰা ওভতি আহিছে।

এবছৰ পূৰ্বে স্বাধীন অসমক লৈ অত্যুৎসাহ প্ৰদৰ্শন কৰা যুৱকজনে ৩০ আগষ্টত নাগালেণ্ডৰ মন জিলাত নাগালেণ্ড আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

এই খবৰ নিশ্চিত কৰিছে অসম আৰক্ষীৰ আৰক্ষী মহাপৰিদৰ্শক (বিশেষ শাখা) হীৰেন নাথে।

“দত্ত আমাৰ সৈতে যোৱা কেইদিনমান ধৰি যোগাযোগত আছিল। তেওঁৰ লগত আন দুজন সদস্যয়ো আত্মসমৰ্পণ কৰিছে”, আৰক্ষী বিষয়াজনে নৰ্থ-ইষ্ট নাওক কয়।

যোগদানৰ বাতৰিটো পঢ়ক আলফাত যোগদান ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ; স্বীকাৰোক্তিৰ ভিডিঅ’ই তুলিছে ছ’চিয়েল মিডিয়াত আলোড়ন

প্ৰায় এবছৰ পূৰ্বে পংকজ প্ৰতিম দত্ত আলফা (স্বা:)ত যোগদান কৰা খবৰটোৱে ৰাজ্যত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। গোলাঘাট জিলাৰ দেৰগাওঁ অঞ্চলৰ এজন তৰুণ যুৱক দত্তই দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতিৰ পদ এৰি সশস্ত্ৰ সংগ্ৰামলৈ গৈছিল।

আলফা (স্বা:)ত যোগদান কৰিয়ে তেওঁ আলফা (স্বা:)ৰ শিবিৰৰ পৰা এটা ৯০ ছেকেণ্ডৰ ভিডিঅ’ প্ৰেৰণ কৰিছিল, য’ত স্বাধীন অসমৰ হকে যুঁজ দিয়াৰ প্ৰয়োজনৰ কথা আৱেগ-উত্তেজনাৰ সৈতে প্ৰকাশ কৰিছিল। হঠাতে আলফা (স্বা:)ত যোগদান কৰা বাবে উক্ত ভিডিঅ’টোতে আছু নেতৃত্বৰ ওচৰত ক্ষমাও বিচাৰিছিল যুৱকজনে।

অৱশেষত বছৰটো ঘুৰোতেই মোহভংগ ঘটি পংকজ প্ৰতিম দত্তই আত্মসমৰ্পণ কৰে।

অসম আৰক্ষীয়ে নাগালেণ্ড আৰক্ষীৰ পৰা যুৱককেইজনক নিজৰ জিম্মালৈ আনিবলৈ সকলো প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি বিষয়া হীৰেন নাথে জানিবলৈ দিয়ে।