বিড়ম্বনা! দুৰ্বৃত্তৰ দ্বাৰা প্ৰহৃত ব্ৰাজিলৰ বিশ্বকাপৰ প্ৰশিক্ষক টিটে
কাটাৰ বিশ্বকাপৰ পৰা প্ৰস্থানৰ পিছত টিটে প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল। তথাপি নেমাৰ দা চিলভা চেণ্টোছ জুনিয়ৰৰ প্ৰাক্তন প্ৰশিক্ষকে ৰেহাই পোৱা নাই। ব্ৰাজিলৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা মতে যোৱা সপ্তাহত ৰিঅ’ত তেওঁৰ ঘৰৰ সন্মুখত এজন ব্যক্তিয়ে তেওঁক প্ৰহাৰ কৰিছিল। আৰক্ষীয়ে ইয়াৰ এটা তদন্ত আৰম্ভ কৰিছে।
প্ৰতিবেদন অনুসৰি, টিটে যোৱা সপ্তাহত তেওঁৰ পত্নীৰ সৈতে ৰাতিপুৱা ঘৰৰ বাহিৰলৈ খোজ কাঢ়িবলৈ গৈছিল। সেই সময়তে এজন অচিনাক্ত ব্যক্তিয়ে তেওঁৰ কান্ধত আঘাত কৰে। লোকজনে তেওঁৰ ডিঙিৰ চেইনডালো কাঢ়ি লয়। ব্ৰাজিলে কিয় কাটাৰ বিশ্বকাপৰ পৰা এনেদৰে বিদায় ল’লে মানুহজনে টিটেৰ পৰা তাৰ উত্তৰ বিচাৰিছিল।
লগতে পঢ়ক: ক্ষান্ত হোৱা নাই পুটিন! খেৰচনত ৰাছিয়াৰ বিমান আক্ৰমণত নিহত ১০ জন
কিন্তু পিছত যেতিয়া সাংবাদিকসকলে প্ৰাক্তন প্ৰশিক্ষকজনৰ প্ৰতিক্ৰিয়া বিচাৰিছিল, তেওঁ ইয়াৰ উত্তৰ দিব বিচৰা নাছিল।
অৱশ্যে, প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে কৈছিল যে লোকজনে টিটেৰ চুবুৰীয়াৰ বাগিচাত বান্ধি থোৱা চাইকেল চুৰি কৰিবলৈ চেষ্টা কৰি আছিল। সেই সময়ত তেওঁক বাধা দিবলৈ চেষ্টা কৰোঁতে তেওঁ শাৰীৰিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হয়। পত্নীয়ে টিটেক বচাবলৈ আগবাঢ়ি অহাত পৰিস্থিতি বিষম দেখি লোকজন পলাই যায়।
কাটাৰৰ পৰা পৰাজয়ৰ গ্লানি লৈ উভতি অহাৰ পিছত টিটে কোনো সংবাদ মাধ্যমৰ সন্মুখীন হোৱা নাই নাই। তেওঁৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে ৰিঅ’ত ঘৰতে দিন কটাইছে।
লগতে পঢ়ক: আত্মহত্যা! শ্বুটিং ছেটতে মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ; ৱাশ্বৰুমৰ পৰা উদ্ধাৰ মৃতদেহ
জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে তেওঁৰ সৈতে কথা পাতিবলৈ অহাৰ সময়ত টিটে কয়, “এই বিষয়ে মোৰ ক’বলৈ একো নাই। মই মোৰ পৰিয়ালৰ সৈতে শান্তিৰে সময় কটাব বিচাৰো।”