NORTHEAST NOW (Assamese)
অসম

মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ দেহাৱসান; মুখ্য মন্ত্ৰীৰ শোকপ্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2019 4:36 pm
Sarat Saikia

শিৱসাগৰ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ আজি ৭৭ বছৰত দেহাৱসান ঘটে।

ৰাতিপুৱা ১০ বাজি ১০ মিনিটত কলকাতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত শইকীয়াক ২০ মাৰ্চত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল আৰু কিছুদিন পূৰ্বে তেখেতৰ বৃক্ক সংৰোপন কৰা হৈছিল।

উল্লেখযোগ্য যে, শিৱসাগৰ জিলাৰ দমুৰদুলং গাঁৱত জন্মগ্ৰহণ কৰা শৰৎ শইকীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী অৰ্জন কৰি ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে।

শইকীয়াই ২০০১, ২০০৬ আৰু ২০১১ চনত কংগ্ৰেছৰ পৰা ক্ৰমাগত তিনিবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

শিক্ষা বিভাগৰ সংসদীয় সচিৱৰ দায়িত্ব ভাৰ পালন কৰা শইকীয়াই সদৌ চুতীয়া জাতি সন্মিলন, বিধানসভা ও বি চি সমিতি, অসম ৰাজ্যিক ৱেৰ হাউচিং কৰপোৰেশ্যন আদিকে ধৰি বিভিন্ন সামাজিক দল-সংগঠনৰ সৈতে জড়িত হৈ আছিল।

কংগ্ৰেছৰ পৰা তিনিটা কাৰ্য্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত শৰৎ শইকীয়াই কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিতত যোগদান কৰিছিল।

প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত স্থানীয় জনসাধাৰণৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা ব্যক্ত কৰে।