NORTHEAST NOW (Assamese)

পুনৰ বিপদত ইমৰান খান: উপহাৰ হিচাপে পোৱা অলংকাৰ ১৮ কোটি টকাত বিক্ৰীৰ অভিযোগ

April 14, 2022 11:51 am · এন ই নাও নিউজ, গুৱাহাটী

বিপদে লগ নেৰা হৈছে পাকিস্তানৰ বিদায়ী প্ৰধানমন্ত্ৰী ইমৰান খানক। কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী পদৰ পৰা পদচ্যুত হোৱাৰ পিছতে এইবাৰ আন এটা অভিযোগত তদন্তৰ সন্মুখীন হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীজন।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি পাকিস্তানৰ শীৰ্ষ অনুসন্ধানকাৰী সংস্থা ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে তেওঁৰ কাৰ্যকালত উপহাৰ হিচাপে লাভ কৰা এডাল ব্যয়বহুল নেকলেস ৰাজ্যিক উপহাৰ ভঁৰালত জমা কৰাৰ পৰিৱৰ্তে ১৮ কোটি টকাত এখন জুৱেলাৰীত বিক্ৰী কৰাৰ অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

পাকিস্তানৰ স্থানীয় সংবাদ সংস্থা ট্ৰিবিউন বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি খানে উপহাৰ হিচাপে লাভ কৰা নেকলেসডাল ৰাজ্যিক উপহাৰ ভঁৰাললৈ প্ৰেৰণ কৰা নাছিল।

ইয়াৰ পৰিৱৰ্তে প্ৰাক্তন বিশেষ সহায়ক জুলফিকাৰ বুখাৰীৰ সহায়ত লাহোৰৰ এখন জুৱেলাৰীত ১৮ কোটি টকাত বিক্ৰী কৰিছিল।

পাকিস্তানৰ আইন অনুসৰি, ৰাজ্যিক বিষয়াসকলে কোনো বিশিষ্ট ব্যক্তিৰ পৰা লাভ কৰা উপহাৰ ৰাজ্যিক উপহাৰ ভঁৰালত দাখিল কৰিব লাগে। অৱশ্যে উপহাৰটোৰ মূল্যৰ আধা পৰিমাণৰ মূল্য দান কৰি তেওঁলোকে এই উপহাৰ লগত ৰাখিব পাৰে।

কিন্তু যোৱা সপ্তাহত সংসদত অনাস্থা ভোটত পৰাজিত হোৱা ইমৰান খানে উপহাৰ বিক্ৰী কৰি পোৱা ১৮ কোটি টকাৰ মাত্ৰ কেইলাখমান টকাহে ৰাষ্ট্ৰীয় কোষাগাৰত জমা দিছিল।

Related News