NORTHEAST NOW (Assamese)
অসম

শুনানিত অংশ নলয় ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2019 10:47 am
SC bench rejects petition accusing Bhushan in Ranjan Gogoi case

উচ্চতম ন্যায়ালয়ে নিজাকৈ গঠন কৰা তদন্তত কমিটীৰ শুনানিত অংশ নলয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মহিলা কৰ্মচাৰী গৰাকীয়ে।

মঙলবাৰে ন্যায়াধীশ এছ এ ববদেৰ নেতৃত্বত তিনিজনীয়া সদস্যৰে গঠিত কমিটিখনৰ সন্মুখত দ্বিতীয়টো শুনানিত হাজিৰ হোৱাৰ পিছত তেওঁ ‘উক্ত কমিটিৰ পৰা ন্যায় পাম বুলি মোৰ আশা নাই, সেয়ে মই তিনিজনীয়া বিচাৰক কমিটিৰ তদন্তত আৰু অংশ নলও।‘ বুলি সংবাদ মাধ্যমলৈ এক ই-মেইল প্ৰেৰণ কৰে।

মহিলাগৰাকীয়ে শুনানিসমূহৰ ভিডিঅ’ ৰেকৰ্ডিং আৰু তেওঁৰ নিজা অধিবক্তাৰ পৰা সহযোগিতাৰ বাবে দাবী জনাইছিল যদিও তেওঁক তাৰ পৰা বঞ্চিত কৰা হয় বুলি অভিযোগ কৰে।

লগতে পঢ়ক তদন্ত কমিটিৰ সন্মুখত হাজিৰ হ’ল ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা প্ৰাক্তন মহিলা কৰ্মচাৰী

উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত ন্যায়াধীশ ববদেই সাংবাদিকৰ আগত কৈছিল যে এইটো এটা আনুষ্ঠানিক ন্যায়িক প্ৰক্ৰিয়া নোহোৱাৰ বাবে ‘ইন হাউছ’ প্ৰক্ৰিয়াটোত পাৰ্টিৰ হৈ অধিবক্তাৰ প্ৰতিনিধিৰ উপস্থিতি নিবিচাৰে।

আনহাতে মহিলাগৰাকীয়ে তেওঁ দিয়া ভাষ্যৰ এটা প্ৰতিলিপিও তেওঁক দিয়া হোৱা নাই বুলিও অভিযোগ আনি কয় যে তেওঁ কৰা সকলো দাবী ‘ইন-হাউছ’ কমিটিখনে অগ্ৰাহ্য কৰিছে।