NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত প্ৰধান শিক্ষকৰ অৱহেলাৰ বাবেই বাতিল হ’ল বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা

Posted by: দীপক কুমাৰ পাঠক, বাক্সা Updated by: দীপক কুমাৰ পাঠক, বাক্সা March 7, 2022 9:19 pm

তামুলপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত আজৱ কাণ্ড। প্ৰধান শিক্ষকৰ অৱহেলাৰ বাবেই বাতিল হ’ল বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা। পৰীক্ষা বাতিল কৰাৰ পিছতে হুলস্থুল লাগিল বিদ্যালয় খনত। প্ৰধান শিক্ষকৰ মইমতালিত ক্ষোভিত হৈ পৰিল স্থানীয় ৰাইজ।

নৱ গঠিত তামুলপুৰ জিলাৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়য় ঘটিছে এই ঘটনা। পুৱাই পৰীক্ষা বুলি বিদ্যালয়লৈ আহিল কণ কণ ছাত্ৰ-ছাত্ৰী। কিন্তু নাহিল প্ৰধান শিক্ষক। ৯ বাজি পাৰ হৈ ১০ বাজিল। তাৰ পিছতহে আহিল বিদ্যালয় খনৰ প্ৰকাশ কলিতা নামৰ এজন শিক্ষক। তেওঁ ক’লে যে প্ৰধান শিক্ষকৰ নিৰ্দেশনা আছে আজি পৰীক্ষাঅনুষ্ঠিত কৰিব নোৱাৰিব ।

খবৰ পাই বিদ্যালয়ত উপস্থিত হল অভিভাৱক তথা স্থানীয় একাংশ সচেতন লোক। তাৰ পিছতে লাগিল হুলস্থুল।

স্থানীয় লোকৰ অভিযোগ দীৰ্ঘ দিনে বিদ্যালয় খনত প্ৰধান শিক্ষক গৰাকীয়ে মইমতালিৰে চলাই গৈছে অৰাজকতা। বিদ্যালয় খনৰ সহকাৰী শিক্ষক প্ৰকাশ কলিতাও মানসিক ভাৱে অসুস্থ হোৱাত তেওঁৰ পিতৃয়ে লব লগা হৈছে সহকাৰী শিক্ষক গৰাকীৰ ভূমিকা। পৰীক্ষাৰ ৰুটিনত উল্লেখ থকা মতে আজি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ দুই বেলাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।

অৱশেষত, বিদ্যালয়ত সাংবাদিক আৰু অভিভাৱক অহাৰ উমান পাই দুপৰীয়া ১২:৩০ বজাত আহি উপস্থিত হল প্ৰধান শিক্ষক অৰুণ বৈশ্য। সাংবাদিকৰ কেমেৰা দেখি চলাহী কথাৰে দায়সৰা মন্তব্য কৰে প্ৰধান শিক্ষকগৰাকীয়ে।

বিদ্যালয় খনত নতুনকৈ নিৰ্মাণ হৈ থকা শ্ৰেণী কোঠাৰ কাম আৰু সহকাৰী শিক্ষক প্ৰকাশ কলিতাৰ কোনো প্ৰস্তুতি নথকাৰ বাবেই পৰীক্ষা বাতিল কৰাৰ কথা স্বীকাৰ কৰে প্ৰধান শিক্ষকে।

উল্লেখ্যে ১৯৫৫ চনতে স্থাপন হোৱা বিদ্যালয় খনৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫০ জন। তাৰ বিপৰীতে বৰ্তমান শিক্ষক আছে ২ জন। আনহাতে, দীৰ্ঘ দিনে বিদ্যালয় খনত মধ্যাহ্ন ভোজনৰ দিয়াৰ নামতো কৌশলেৰে ধন লুট কৰাৰ অভিযোগ উঠিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে।