NORTHEAST NOW (Assamese)
অসম

প্ৰশ্নকাকত ফাদিল! বাতিল হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 20, 2020 1:35 pm
Assam-police-01

বাতিল কৰা হৈছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা।

অসম আৰক্ষী ৰাজ্যিক নিযুক্তি বৰ্ডৰ এক উচ্চস্তৰীয় সুত্ৰই জনাইছে এই কথা।

সুত্ৰটোৱে জনোৱা মতে ছ’চিয়েল মিডিয়াত দেওবাৰে পুৱাৰ ভাগতে প্ৰশ্ন কাকত ফাদিল হোৱা বাবেই বাতিল হ’ল এই লিখিত পৰীক্ষা।

আজি দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা।

মুঠ ৫৯৭ টা পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে অথন্তৰে লগ নেৰা অসম আৰক্ষীৰ এই পৰীক্ষাও বাতিল হ’বলগীয়া হ’ল।

ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি সুত্ৰটোৱে জানিবলৈ দিয়ে।

এই পৰীক্ষা বাতিল হোৱাৰ বাবে আবেদন কৰা বহু নিবনুৱা যুৱক-যুৱতী হতাশ হোৱা বুলি জানিব পৰা গৈছে। ছ’চিয়েল মিডিয়াযোগে বহুতে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

অৱশ্যে বৰ্তমানলৈকে পৰৱৰ্তী পৰীক্ষাৰ দিন ধাৰ্য কৰা নাই আৰক্ষী নিযুক্তি বৰ্ডে।

কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে ৪ লাখ টকাৰ উৎকোচ বিচৰা এক টেলিফোনিক অডিঅ’ ক্লিপ ভাইৰেল হৈছিল।

ইতিমধ্যে, যোৱা ১২ ছেপ্টেম্বৰত অসম আৰক্ষীত উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত টকা বিচাৰি প্ৰৱঞ্চনাৰ জাল পেলোৱা প্ৰৱঞ্চক মনোজ তামুলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।