NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজাৰ সমান্তৰালকৈ শিৱসাগৰত চলিছে আবকাৰী বিভাগৰ অভিযান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 6, 2019 9:24 am
IMG-20191006-WA0002

শিৱসাগৰত শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতেই আবকাৰী বিভাগে চলাইছে অবৈধ মদৰ বিৰুদ্ধে তীব্ৰ অভিযান। শিৱসাগৰ সদৰ আবকাৰী বিভাগে ডিমৌৰ বিভিন্ন অঞ্চলত অভিযান চলোৱাৰ লগতে নাজিৰা আবকাৰী বিভাগেও অবৈধ মদৰ বিৰুদ্ধে চলাইছে অভিযান।

শিৱসাগৰ সদৰ আবকাৰী বিভাগৰ পৰিদৰ্শক অৰুণজ্যোতি ভড়ালীৰ নেতৃত্বত শনিবাৰে ডিমৌৰ দৈনিক বজাৰ, ৰাইচাই, নিতাইপুখুৰী, ন-হাত, ভীমপুৱা, শুকানপুখুৰী আদি অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ আৰু লাওপানী জব্দ কৰি নষ্ট কৰি দিয়ে।

ইয়াৰ উপৰি বহু কেইটা অবৈধ মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ঘৰৰ ভিতৰত আৰু ভড়ালত চুলাই মদ লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰি নষ্ট কৰি দিয়া হয়। অভিযান কালত ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অভিযোগত দুজন ব্যক্তিৰ পৰা ১৫০০ টকাকৈ জৰিমনা বিহে।

আনহাতে নাজিৰা আবকাৰী বিভাগৰ পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত নাজিৰাৰ কলনি গেটৰ সন্মুখত শিমলুগুৰি ৰেইলৱে ষ্টেশ্যনৰ সমীপত, লিগিৰিপুখুৰী চাহ বাগিছা, মেকিপুৰ চাহ বাগিছা, বিহুবৰ চাহ বাগিছা, চন্টক চাহ বাগিছা আৰু বিভিন্ন পূজা মণ্ডপৰ সমীপত অভিযান চলাই অবৈধ বিলাতী সুৰা, বিয়েৰ, চুলাই মদ আৰু লাওপানী নষ্ট কৰে।

পূজাৰ সময়ত শিৱসাগৰ আৰু নাজিৰা আবকাৰী বিভাগৰ এই অভিযানক ডিমৌ তথা নাজিৰাবাসীয়ে প্ৰশংসা কৰাৰ লগতে অবৈধ মদৰ ঘাটি সমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছে।