NORTHEAST NOW (Assamese)
অসম

বৃহস্পতিবাৰৰ পৰা হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ দাম, কিমান কমিব দাম?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 3, 2021 9:21 pm
petroldieselfeb11

পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় দাম বৃদ্ধিয়ে সৰ্বসাধাৰণ লোকৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।

আজি গুৱাহাটী মহানগৰীত পেট্ৰ’লৰ দাম লিটাৰত ১০৬ টকাৰ ওপৰত থকা পৰিলক্ষিত হয়।

এনে সময়তে সাধাৰণ জনতাক সামান্য সকাহ দি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

সেইমৰ্মে বৃহস্পতিবাৰ অৰ্থাৎ কাইলৈৰ পৰা পেট্ৰ’লত প্ৰতিলিটাৰত ৫ টকা আৰু ডিজেলত প্ৰতিলিটাৰত ১০ টকাকৈ আবকাৰী শুল্ক হ্ৰাস কৰা হ’ব।

ইয়াৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতিলিটাৰৰ দাম কাইলৈৰ পৰা ক্ৰমে ৫ টকা আৰু ১০ টকাকৈ কমিব।

পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক হ্ৰাস কৰাৰ ফলত সাধাৰণ লোকসকলৰ উপৰি কৃষকসকল কিছু পৰিমাণে উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।