NORTHEAST NOW (Assamese)
অসম

আবকাৰী বিভাগৰ অভিযানত গোৱালপাৰাৰ বিভিন্ন স্থানত মদৰ ঘাটি উচ্ছেদ

Posted by: ছফিকুল আহমেদ April 6, 2019 6:17 pm

লোকসভা নিৰ্বাচনৰ দিন চমু আহিৰ অহাৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগৰ ফ্লায়িং স্কোৱাডে শুকুৰবাৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত অভিযান চলাই ৪টাকৈ অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে।

প্ৰাপ্ত তথ্য মতে জিলাখনৰ মৰনৈ আৰু কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰা, কাত্ৰপাৰা, ৰাক্ষ্যশিনি, মইজঙা আদি গাঁৱত অভিযান চলাই আবকাৰী বিভাগৰ দলটোৱে প্ৰায় ৯৪০ লিটাৰ চুলাই জব্দ কৰে।

আনহাতে জিলাখনৰ দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুন্দ কাকতিয়েও কালি অসম-মেঘালয় সীমান্তৰ দেউৰিপাৰা গাঁৱত অভিযান চলাই ১২০০ লিটাৰ দেশীয় সুৰাৰ লগতে সুৰা নিৰ্মাণত ব্যৱহাৰ কৰা বৃহৎ পৰিমানৰ সামগ্ৰী জব্দ কৰে। উক্ত অভিযানটো দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত উজনি দেউৰীপাৰা গাঁও আৰু গোৱালপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ ভালুকডুবি অঞ্চলৰ বাছিংপাৰা গাঁৱত চলোৱা হৈছিল।

উল্লেখযোগ্য যে দুয়োটা অভিযানতে অভিযানকাৰী দলে জব্দ কৰা চুলাই আৰু সামগ্ৰীসমূহ সেই স্থানতে নষ্ট কৰি পেলায়।