NORTHEAST NOW (Assamese)
অসম

পূৰ্বৰ ৮০ শতাংশ ‘এগজিট প’ল’ মিছা প্ৰমাণিত, ই তিনিদিনীয়া মনোৰঞ্জন : প্ৰদেশ কংগ্ৰেছ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 20, 2019 10:34 pm
Durga Das Boro

দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে সাধাৰণ নিৰ্বাচনক লৈ আগবঢ়োৱা নিৰ্বাচনোত্তৰ সমীক্ষা (এক্সিট প’ল)ক তিনি দিনীয়া মনোৰঞ্জন আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ।

বেছিভাগ সংবাদ প্ৰতিষ্ঠানে নিজৰ নিজৰ সমীক্ষাত কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ হোৱাৰ স্পষ্ট ইংগিত দিয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছে ২০ মে’ত ৰাজীৱ ভৱনত এখন সংবাদমেল দি ইয়াৰ সত্যতা নাকচ কৰে।

“আজিলৈকে ৮০ শতাংশ এগজিট প’ল মিছা প্ৰমাণিত হৈ আহিছে। এই তিনি দিন এগজিট প’লে গোটেই ভাৰতীয়ক মনোৰঞ্জন দিব”, সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয়।

২০০৪ চনৰ ‘এগজিট প’ল’ৰ কথা সোঁৱৰাই দি এইবাৰো একজিট প’লৰ একেই দশাৰ পুনৰাবৃত্তি হ’ব বুলি দাবী মুখপাত্ৰজনৰ।

উল্লেখযোগ্য যে ২০০৪ চনত বিভিন্ন বাতৰি প্ৰতিষ্ঠানে আগবঢ়োৱা নিৰ্বাচনোত্তৰ সমীক্ষাত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত পুনৰ বিজেপিৰ চৰকাৰ হ’ব বুলি কৈছিল যদিও প্ৰকৃত ফল ওলোটা হৈছিল।

তেওঁ লগতে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পাছত অনুষ্ঠিত কেইবাখনো ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ‘একজিট পল’ৰ প্ৰসংগও উত্থাপন কৰে। সেইকেইখন হ’ল দিল্লী, বিহাৰ, পাঞ্জাৱ আৰু গুজৰাট। “এই আটাইকেইখন ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনতে বিভিন্ন সংস্থাৰ ‘এগজিট পল’ৰ ফলাফলত বিজেপি যিমান সংখ্যক আসনত জয়ী হ’ব বুলি প্ৰকাশ পাইছিল ভোটগণনাৰ অন্তত সেয়া অশুদ্ধ প্ৰমাণিত হৈছিল”, বড়োৱে কয়।

তেওঁ ‘এগজিট প’ল’ শাসক দলৰ নিৰ্বাচনী যুঁজৰে এটা কৌশল আখ্যা দিয়ে। এই অনুমানপূৰ্বক ফলাফল “সম্পূৰ্ণ পৰিকল্পিত আৰু ভুৱা তথ্যৰ ভিত্তিত প্ৰচাৰ” বুলি কৈ ইয়াৰ সত্যতা চাবলৈ ২৩ মে’লৈ অপেক্ষা কৰিবলৈ কয় অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে।

এনে ধৰণৰ “আগতীয়া ফলাফল”ৰ দ্বাৰা বিজেপিয়ে বিৰোধী ৰাজনৈতিক দলৰ কৰ্মীৰ মনোবল হ্ৰাস কৰি ভোটগণনাত বিশেষ প্ৰভাৱ খটুৱাব পাৰে বুলিও তেওঁ শংকা প্ৰকাশ কৰে।