NORTHEAST NOW (Assamese)
অসম

মুক্ত বিচৰণকাৰী গঁড় ট্ৰেঙ্কুলাইজৰ বাবে মাজুলীত উপস্থিত বিশেষজ্ঞৰ দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2022 1:11 pm
Rhino

এমাহৰো অধিক সময় ধৰি মাজুলীত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা মুক্ত বিচৰণকাৰী গঁড় নিয়ন্ত্ৰণ আৰু পুনৰ্বাসনৰ বাবে বিশেষজ্ঞৰ এটা দল মাজুলীত উপস্থিত হৈছে।

বিষয়টো সন্দৰ্ভত বন বিভাগৰ এজন বিষয়াই কয় যে গঁড়টো প্ৰায় ডেৰ মাহ ধৰি কেৰেলা চাপৰি অঞ্চলত আছে আৰু এই সময়চোৱাত অঞ্চলটোৰ স্থানীয় লোকসকলক সন্ত্ৰাসিত কৰি আহিছে।

শেহতীয়াকৈ গঁড়টোৰ আক্ৰমণত মদন দাস নামৰ এজন ব্যক্তি নিহতো হৈছিল।

গঁড়টোক নিয়ন্ত্ৰণ, ট্ৰেঙ্কুলাইজ আৰু পুনৰ্বাসনৰ বাবে আজি পুৱা ডিব্ৰু চৈখোৱাৰ বিশেষজ্ঞৰ এটা দল মাজুলীত উপস্থিত হৈছে।

ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ পশু চিকিৎসক ডাঃ খনিন চাংমাইৰ নেতৃত্বত এটা দলে গঁড়টোক কাজিৰঙালৈ ঘূৰাই পঠিয়াবলৈ ট্ৰেঙ্কুলাইজ বা বিকল্প সমাধান বিচাৰি উলিওৱাৰ উপায়ৰ ওপৰত কাম কৰি আছে।

ইতিমধ্যে বিশেষজ্ঞ দলটোৱে অভিযান আৰম্ভ কৰিছে আৰু গঁড়টোক বিচাৰি উলিয়াবলৈ সমগ্ৰ অঞ্চলটোত ড্ৰোন মোতায়েন কৰিছে।

চিকিৎসক খনিন চাংমাই কয় যে এই অভিযানটোত কমেও এসপ্তাহ সময় লাগিব। পিচিচিএফ-ডব্লিউএলৰ দ্বাৰা ট্ৰেঙ্কুলাইজেচনৰ অনুমতি দিয়া হ’ব।

আনহাতে খাদ্যৰ সন্ধানত গঁড়টো মানৱ বসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰিছিল বুলি ব্যক্ত কৰিছে বন বিভাগে।

ইতিমধ্যে বন বিভাগৰ দ্বাৰা অঞ্চলটোত ৰেড এলাৰ্ট জাৰি কৰি গঁড়টোৰ বিষয়ে মানুহক সতৰ্ক কৰি দিয়া হৈছে।