NORTHEAST NOW (Assamese)
Popular Stories

পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ ‘উভয় লিংগ’ৰ পক্ষীৰ সন্ধান লাভ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 1:50 pm
117215353_cardinal4-750x375

এবিধ বিৰল প্ৰজাতিৰ পক্ষী দেখা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনিছিলভিনিয়াত।

অৱসৰ প্ৰাপ্ত পক্ষীবিদ জেমী হিলে পেনিছিলভিনিয়াত উভয় লিংগৰ এই বিৰল পক্ষী বিধৰ ছবি তুলিবলৈ সক্ষম হৈছে।

বিৰল প্ৰজাতিৰ এই পক্ষীবিধৰ বিশেষত্ব হৈছে ই উভয় লিংগৰ। অৰ্থাৎ অৰ্ধপুৰুষ আৰু অৰ্ধনাৰীৰ দৰে।

ইয়াৰে মতা পক্ষীটোৰ দেহৰ ৰং উজ্জ্বল ৰঙা আৰু মাইকী পক্ষীজনীৰ দেহৰ ৰং গাঢ় মুগা বৰণৰ।

“মোৰ জীৱনকালত নিযুত নিযুত পক্ষীৰ মাজত মাত্ৰ এবাৰহে এই বিৰল পক্ষীবিধ দেখিবলৈ পাইছো।” পক্ষীবিদ জেমী হিলে কয়।

জেমী হিলৰ মতে এই পক্ষীবিধ উভয় লিংগক প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ পক্ষীবিধ অৰ্ধেক পুৰুষ আৰু অৰ্ধেক নাৰীৰ দৰে।

“মই ৪৮ বছৰ চৰাই মাজতে আছো আৰু ২০ ফেব্ৰুৱাৰি(২০২১)ত মোৰ জীৱন কালত নিযুত পক্ষীৰ সন্ধানৰ পিছত মাত্ৰ এবাৰহে এই পক্ষীবিধৰ ফ’টোগ্ৰাফ ল’বলৈ সক্ষম হৈছো। ই অত্যন্ত বিৰল প্ৰজাতিৰ।” জেমীয়ে লগতে কয়।