NORTHEAST NOW (Assamese)
অসম

‘সন্ত্ৰাসবাদীৰ ধনেৰে চলে আজমল ফাউণ্ডেশ্যন’ : বদৰুদ্দিন আজমলক আক্ৰমণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

Posted by: চানু গগৈ Updated by: চানু গগৈ December 9, 2020 6:39 pm
index.jpgn

‘মৌলানা বদৰুদ্দিন আজমল চোৰাং বেপাৰী। সন্ত্ৰাসবাদীৰ ধনৰে চলে আজমল ফাউণ্ডেশ্যন।মহাৰাষ্ট্ৰৰ শিৱ সেনাৰ ধমকত আজমল কংগ্ৰেছৰে মিতিৰালি।’ এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী ৰণডংকা বজাই আজি জাগীৰোত এইদৰে দাবী কৰি স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই আৰু বহু বিস্ফোৰক মন্তব্যও কৰে।

সংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সৰৱ হৈ মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াই কয় যে মহাৰাষ্ট্ৰৰ শিৱ সেনা চৰকাৰৰ ধমকতহে তেঁও কংগ্ৰেছৰ সৈতে মিত্ৰৰা কৰিছে।

মন্ত্ৰী গৰাকীৰ মতে আজমলৰ আগৰৰ চোৰাং কাৰবাৰৰ মূল ঘাটি হ’ল মুম্বাই চহৰ। তেনে ক্ষেত্ৰত আজমলে কংগ্ৰেছৰে মিত্ৰতা কৰিলেও বিজেপি দলক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে উল্লেখ্য কৰে।

১১নং জোনবিল সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিপালী বড়োৰ এখন নিৰ্বাচনী সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে তিৱা স্বায়ত্ত পৰিষদীয় নিৰ্বাচনতো গেৰুৱা দলটোৱেই একক সংখ্যা গৰিষ্ঠতা লাভ কৰি পৰিষদ গঠন কৰিব।

ইফালে ভাৰতীয় যুৱ মঞ্চৰ সহস্ৰাধিক কৰ্মীয়ে মন্ত্ৰীগৰাকীক লৈ সমষ্টিটোত এক বিশাল মটৰ চাইকেল ৰেলীও উলিয়ায়।

পৰিষদীয় নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীক সংগ দিয়ে ডিফুৰ সাংসদ হৰেন সিং বে আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

মন কৰিবলগীয়া যে ৭৭৫২ গৰাকী ভোটাৰ থকা পৰিষদৰ ১১ নং জোনবিল সমষ্টিৰ সাধাৰণ ভোটাৰে মন্ত্ৰীগৰাকীৰ আহ্বান কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।