NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ ৭৭ খন ৰাষ্ট্ৰত ৪০ মাৰ্কিন মিলিয়ন ড’লাৰ মূল্যৰ ভুৱা কোভিড টেষ্টিং কিটসহ অবৈধ পণ্য জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 8:44 pm
2020_04_01_91401_1585674867._large

কেৱল ভাৰততে নহয় বিশ্বৰ বিভিন্ন দেশত ভুৱা কোভিড টেষ্টিং কিটৰ লগতে কোভিভ সংক্ৰান্ত্ৰীয় অন্যান্য ৰমৰমীয়া ব্যৱসায় সম্পৰ্কে সংবাদ মাধ্যমত চৰ্চা হৈ আহিছে।

কিন্তু প্ৰতিখন দেশৰ চৰকাৰেই বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান নকৰি সেয়া অপপ্ৰচাৰ বুলি আখ্যা দি অহা দেখা গৈছিল।

কিন্তু এইবাৰ ভুৱা কোভিড টেষ্টিং কিটৰ লগতে কোভিড সংক্ৰান্ত্ৰীয় অন্যান্য আনুষঙ্গিক বিষয়ত আন্তঃৰাষ্ট্ৰীয় ৰমৰমীয়া অবৈধ ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছে।

বুধবাৰে ইন্টাৰপ’ল-এ এই সম্পৰ্কে প্ৰকাশ কৰা এক বিবৃতিত এই ভয়কংৰ তথ্য প্ৰকাশ পাইছে।

ইন্টাৰপ’লে প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বৰ ৭৭ খন দেশত অবৈধ খাদ্য আৰু পানীয় বিৰুদ্ধে কৰা অভিযানত ১৭,০০০ ৰো অধিক ভুৱা কোভিড টেষ্টিং কিট জব্দ কৰা হৈছে, যাৰ মূল্য প্ৰায় ৪০ মিলিয়ন আমেৰিকান ড’লাৰ হ’ব।

২০১৯ চনৰ ডিচেম্বৰৰ পৰা ২০২০ চনৰ জুনৰ ভিতৰত চলোৱা অভিযানত অতি নিম্ন মানৰ খাদ্যৰ লগতে ভুৱা কোভিড টেষ্টিং কিটৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত বিশ্বৰ ৭৭ খন দেশত ৪০৭ লোকক সংশ্লিষ্ট দেশসমূহৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দক্ষিণ-পূৱ ফ্ৰান্সৰ লিয়নস্থিত ইন্টাৰপ’লে প্ৰকাশ কৰা অনুসৰি ভুৱা কোভিড টেষ্টিং কিটৰ লগতে উক্ত পণ্য সামগ্ৰীসমূহৰ ভিতৰত দূষিত দুগ্ধজাত দ্ৰৱ্য, জন্তুৰ অবৈধ মাংস আৰু ভুৱা লেবেলযুক্ত ঔষধো আছিল।

ইফালে কোভিড১৯ অতিমাৰীৰ প্ৰতিৰোধৰ বাবে দেশসমূহত ল’কডাউন অব্যাহত থকাৰ অৱস্থাতো আৰক্ষীৰ তীক্ষ্ম নজৰৰ তলেদি কেনেকৈ হাজাৰ হাজাৰ ভুৱা ঔষধ আৰু কোভিড টেষ্টিঙৰ আন্তঃৰাষ্ট্ৰীয় সৰবৰাহৰ চলি আছে সেয়া অতি চিন্তীয় দিশ।

“সমগ্ৰ বিশ্বত কোভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে চলি থকাৰ প্ৰচেষ্টাৰ মাজতে বিপদজনক পণ্য সামগ্ৰীসমূহ অপৰাধী চক্ৰই কেৱল নিজৰ লাভ উঠোৱাৰ স্বাৰ্থতে বিতৰণ কৰি আহিছে।” ইন্টাৰপ’লৰ সচিব প্ৰধান জুৰগেন ষ্ট’কে বিবৃতিটোত এইদৰে কয়।