NORTHEAST NOW (Assamese)
অসম

অসমত আকৌ মুন্নাভাইৰূপী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী September 5, 2020 8:29 pm
doct

ভুৱা চিকিৎসকেৰে ভৰিছে ৰাজ্য। শেহতীয়াকৈ পুনৰ আৰক্ষীৰ জালত পৰিল মুন্নাভাই ৰূপী এজন ভুৱা চিকিৎসক।

ডিব্ৰুগড়ৰ টিংখাং চাহ বাগিচাত দীৰ্ঘ দিন ধৰি চিকিৎসক ৰূপে কাম কৰি অহা পংকজ কুমাৰ নাথ নামৰ ভুৱা চিকিৎসকজনক টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ  বৰুৱাই নৰ্থ ইষ্ট নাওক জনোৱা মতে ভুৱা  চিকিৎসকজনৰ বিষয়ে গোপন সূত্ৰে তথ্য লাভ কৰাৰ পিছতে বাগিচাখনত অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰা হয়।

লোকজনৰ ঘৰ গহপুৰৰ থালিপুখুৰী গাওঁত বুলি আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰিছে।

লোকজনে ২০১৮ চনৰ পৰাই বাগিচাখনত কাম কৰি থকা বুলি তেওঁ কয়।

ভুৱা চিকিৎসকজনৰ পৰা বহু ভুৱা প্ৰমাণ পত্ৰ জব্দ কৰা বুলিও আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ৰাজ্যৰ বহু চাহ বাগিচাত এনে ভুৱা চিকিৎসকে মানুহৰ জীৱনকলৈ খেলা কৰি থকা বুলি অভিযোগ উঠিছে।