NORTHEAST NOW (Assamese)
অসম

‘শিলচৰত পাকিস্তান জিন্দাবাদ’ : ফেইচবুকে মিছা প্ৰমাণিত কৰিলে অসমৰ দক্ষ মন্ত্ৰী হিমন্তৰ বিতৰ্কিত প’ষ্ট

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 7, 2020 3:07 pm
index.jpgaa

অসমৰ এগৰাকী দক্ষ আৰু প্ৰভাৱশালী মন্ত্ৰীক ফেইচবুকে ভুৱা খবৰ বিয়পোৱা বুলি উল্লেখ কৰিছে।

অৰ্থাৎ ফেইচবুকে ভুৱা খবৰ দিয়া তথা প্ৰচাৰ কৰা বুলি প্ৰমাণিত কৰিলে অসমৰ দক্ষ মন্ত্ৰী হিমন্তক।

কালি এটা ভিডিঅ’ ফেইচবুকত আপলোড কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিটো ভিডিঅ’ত তেওঁ আজমলৰ সমৰ্থকে শিলচৰ বিমানবন্দৰত তেওঁক আদৰিবলৈ যোৱাৰ সময়ত “পাকিস্তান জিন্দাবাদ” ধ্বনি দিয়া বুলি উল্লেখ কৰিছিল।

আনকি ভিডিঅ’টো ৰাজনৈতিক ৰহন সানি কংগ্ৰেছে অপ শক্তিৰ সৈতে মিত্ৰতা কৰি উৎসাহিত কৰা বুলি কৈছিল।

কিন্তু ফেচবুকৰ independent fact-checkers এ এয়া পৰীক্ষা নিৰীক্ষা কৰি মিছা বা ভুৱা প্ৰচাৰ বুলি উল্লেখ কৰিছে।

বৰ্তমান ভিডিঅ’তো কোনো ফেইচবুক ব্যৱহাৰকাৰীয়ে চাব পৰা নাই।

উল্লেখযোগ্য যে, ভিডিঅ’টো মন্ত্ৰীয়ে ভাইৰেল কৰাৰ পাছতে AIUDF ৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এয়া মিছা আৰু “আজিজ খান জিন্দাবাদ আৰু আজিজ ভাই জিন্দাবাদ” বুলিহে চিঞৰা বুলি দাবী কৰিছিল।