NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ভণ্ড প্ৰেমিকক গ্ৰেপ্তাৰ; অবৈধ সম্পৰ্ক স্থাপনেৰে কিশোৰীক মাতৃত্বৰ বোজা

Posted by: মানস প্ৰতিম গগৈ August 31, 2018 8:21 pm
Ajoy Tanti

প্ৰেমৰ নাটকেৰে অবৈধ সম্পৰ্ক স্থাপন কৰি এগৰাকী ১৫ বছৰীয়া কিশোৰীক মাতৃত্বৰ বোজা জাপি দিয়া এটা সন্তানৰ পিতৃ অজয় তাঁ‌তী (২৫) নামৰ এজন লম্পট চৰিত্ৰৰ ব্যক্তিক আজি মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে অজয় তাঁ‌তী নামৰ উক্ত লোকজনে ভুক্তভোগী কিশোৰী গৰাকীৰ সৈতে স্থাপন কৰা অবৈধ সম্পৰ্কৰ ফলত ১৫ বছৰীয়া কিশোৰী গৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। কিন্তু লম্পট অজয়ে সেই সন্তানৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে।

যাৰ ফলত কিশোৰী গৰাকীৰ পিতৃয়ে তিনিদিনীয়া সন্তানটি আন এজন লোকক ৫ হেজাৰ টকাত গতাবলৈ প্ৰস্ততি চলাইছিল, উক্ত খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় মহিলা সমিতিৰ অভিযোগৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীয়ে POSCO আইনৰ অধীনত ২২০/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি অভিযুক্ত মাৰ্ঘেৰিটা নামদেঙৰ বাসিন্দা অজয় তাঁতীক আটক কৰে।

উল্লেখযোগ্য যে ১৫ বছৰ বয়সতে মাতৃত্বৰ বোজা লোৱা কিশোৰীগৰাকীক মাৰ্ঘেৰিটা আৰক্ষীয়ে ইতিমধ্যে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসা ব্যৱস্থা কৰাইছে বুলি জানিব পৰা গৈছে৷ উক্ত ঘটনাটোৱে মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলত চেপা উত্তাজনাৰ সৃষ্টি হৈছে৷