NORTHEAST NOW (Assamese)
Popular Stories

মহাৰাষ্ট্ৰত ভোটাৰ তালিকাত ৯৬ লাখ ভুৱা নাম অন্তৰ্ভুক্ত: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 19, 2025 8:35 pm

মহাৰাষ্ট্ৰত অগন্তুক নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত বহুতো অনিয়মৰ অভিযোগ উত্থাপন হৈছে। মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (MNS) সভাপতি ৰাহুল থাকৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে, ৰাজ্যৰ ভোটাৰ তালিকাত ৯৬ লাখ ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এই অভিযোগে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে আৰু ভোটাৰ তালিকা পুনৰীক্ষণৰ দাবী উত্থাপিত হৈছে।

মুম্বাইৰ নেস্কো খেলপথাৰত MNS-ৰ বিষয়ববীয়াৰ সমাৱেশত ভাষণ প্ৰসংগত কয় যে, “মই নিৰ্ভৰযোগ্য উৎসৰ পৰা জানিব পাইছোঁ যে, নিৰ্বাচন আয়োগে ১ জুলাইত ৰাজ্যৰ ভোটাৰ তালিকা বন্ধ কৰাৰ পিছতো প্ৰায় ৯৬ লাখ ভুৱা নাম যোগ কৰিছে।” তেওঁ অভিযোগ কৰে যে, মুম্বাই, পুনে, নাছিক আৰু থানেৰ দৰে ডাঙৰ চহৰসমূহত প্ৰতিটো চহৰত আঠ লাখৰ পৰা চাৰি লাখলৈকে ভুৱা ভোটাৰ অন্তৰ্ভুক্ত হৈছে। “প্ৰতিখন চহৰ আৰু গাঁৱৰ তালিকাত এই ভুৱা নামসমূহ যোগ কৰা হৈছে,” বুলিও তেওঁ উল্লেখ কৰে। এই অনিয়মৰ জড়িয়তে নিৰ্বাচনত শাসকীয় দলক সুবিধা দিয়া হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে, শাসকীয় দলে ইতিমধ্যে ভুৱা ভোটাৰৰ জৰিয়তে জয়ৰ বীজ সিঁচিছে।

MNS-ৰ নেতাগৰাকীয়ে ভোটাৰ তালিকা সম্পূৰ্ণৰূপে পৰীক্ষণ নোহোৱা পৰ্যন্ত ৰাজ্যত কোনো নিৰ্বাচন অনুষ্ঠিত নকৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে। নেতাগৰাকী এই অভিযোগত কংগ্ৰেছৰ দৰে অন্য দলসমূহকো সমৰ্থন কৰিছে। অৱশ্যে এতিয়ালৈকে নিৰ্বাচন আয়োগে এই অভিযোগৰ ওপৰত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।