NORTHEAST NOW (Assamese)
অসম

জগৰ একেই ফেচবুক প’ষ্ট! বৰ্ষাশ্ৰীৰ পিছত এইবাৰ মুক্তিৰ দাবী উঠিছে বিতুপন চাংমাইৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ July 25, 2022 2:40 pm

এগৰাকী মাতৃৰ হিয়া ধাকুৰা কান্দোন। কাৰণ পুত্ৰই কটাইছে বন্দিত্বৰ জীৱন। মুখ্যমন্ত্ৰীলৈ মাতৃৰ কাতৰ আহ্বান মুকলি কৰি দিয়ক তেওঁৰ একমাত্ৰ পুত্ৰক।

বৰ্ষাশ্ৰীৰ পিছত এইবাৰ মুক্তিৰ দাবী উঠিছে শিৱসাগৰৰ বিতুপন চাংমাইৰ।

প্ৰায় দুটা মাহ কাৰাবন্দী হৈ আছে শিৱসাগৰ জিলাৰ আমগুৰিৰ বালিপথাৰৰ ২৩ বছৰীয়া যুৱক বিতুপন চাংমাই। বৰ্ষাশ্ৰীৰ দৰে দোষ একেই, ফেচবুকৰ পোষ্ট।

লগতে পঢ়ক: Assam may face LPG shortage: ৰন্ধন গেছৰ নাটনি! এল পি জি পৰিবহন সংস্থাৰ ধৰ্মঘটৰ ফলত আৱদ্ধ চিলিণ্ডাৰ কঢ়িওৱা বাহন

 অসম আৰক্ষীৰ এতিয়া যেন শেনচকু পৰিছে সামাজিক মাধ্যম ফেচবুকৰ ওপৰত। ফেচবুকত পোষ্ট কৰোতে সাৱধান হওক আপুনিও।

ফেচবুকত কবিতা লিখি প্ৰায় দুমাহ কাৰাবন্দী হৈ থকা টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ সেই বিশেষ কবিতাটোত কমেন্টত কথা পতাৰ বাবেই বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ পিছদিনাই আমগুৰি আৰক্ষীয়ে বিতুপনক ঘৰৰ পৰা উঠাই নি গ্ৰেপ্তাৰ কৰে।

আজি প্ৰায় দুটা মাহ কাৰাগাৰত বন্দী হৈ আছে বিতুপন। বৰ্ষাশ্ৰীৰ মুক্তিৰ পিছতেই এতিয়া চৰ্চালৈ আহিছে বিতুপনৰ মুক্তিৰ দাবী।

পুত্ৰ ঘৰলৈ উভতি আহিব বুলি প্ৰতিদিনে আশাৰে বাট চাই থকা বিতুপনৰ পিতৃ-মাতৃৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ যে তেওঁলোকৰ একমাত্ৰ পুত্ৰক মুকলি কৰি দিয়ে যেন।

লগতে পঢ়ক:Asam Sahitya Sabha: অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সম্পন্ন; বিত্তীয় কেলেংকাৰীকলৈ সৰৱ একাংশ সদস্য

ইপিনে বিতুপনৰ মুক্তিৰ বাবে দাবী জনাইছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৱে।

বিতুপনৰ মুক্তিৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াত সহায় কৰাৰ আশ্বাস দিছে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৱে।