NORTHEAST NOW (Assamese)
Popular Stories

তথৈবচ ৰাস্তা! ৰোগীক কান্ধত তুলি পদব্ৰজে যাত্ৰা আত্মীয়ৰ, ক’ত এই ঘটনা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 9, 2025 7:34 pm

আন এক কৰুণ ছবি। বেয়া ৰাস্তা। গাড়ী পোৱাটো বহুত অসুবিধা। আৰু সেইবাবেই বিচনাত তুলি চিকিৎসালয়ৰ পৰা ঘৰলে লৈ যোৱা হ’ল ৰোগীক। মহিলাগৰাকীক এনেদৰে প্ৰায় তিনি কিলোমিটাৰ পথ লৈ যোৱা হল। এই ঘটনা সংঘটিত হৈছে বিজেপি শাসিত উত্তৰ প্ৰদেশৰ ঝান্সীত। আৰু সেই ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সমালোচনাৰ ধুমুহা বলিছে। যোগীৰ ৰাজ্যৰ বিকাশক বহুতে সমালোচনা কৰিছে। যদিও এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে ইতিমধ্যে পথটো পৰিষ্কাৰ কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু স্থানীয় জটিলতাৰ বাবে সেয়া সম্ভৱ নহয় বুলি দাবী কৰা হৈছে।

উল্লেখ্য যে অসুস্থ মহিলাগৰাকীৰ ঘৰ মাগৰৱাৰা গাঁৱৰ খিৰক মঞ্জুজুৱাৰা চিংগেভাৰা অঞ্চলত। যোৱা শুকুৰবাৰে শাৰীৰিক সমস্যাৰ বাবে মহিলাগৰাকীক স্থানীয় স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। মহিলাগৰাকীৰ অপাৰেচন কৰা হৈছিল। শেহতীয়াকৈ তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ভাইৰেল ভিডিঅটোত দেখা গৈছে যে গাঁওখনলৈ কোনো পথ নাই। তাত যি আছে তাৰ অৱস্থা বৰ বেয়া। এক কথাত গোটেই পথাৰখনৰ অৱস্থা তথৈবচ! এনে অৱস্থাত এম্বুলেঞ্চে গাঁৱৰ তিনি কিলোমিটাৰ আগত ৰাস্তাত অসুস্থ মহিলাগৰাকীক এৰি থৈ যায়। আত্মীয়ই কেনেবাকৈ বিচনাৰ ব্যৱস্থা কৰি মহিলাগৰাকীক কান্ধত তুলি লৈ যায়।