NORTHEAST NOW (Assamese)
অসম

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2021 4:37 pm
সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ জনপ্ৰিয় নাট্যকাৰ সেৱাব্ৰত বৰুৱা বৰ্তমান সময়ত গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে।

বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে নাট্যকাৰ গৰাকী।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ শেষৰফালে মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল বৰুৱাৰ আৰু পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ উভতি যোৱাৰ পাছত পুনৰ অসুস্থ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত বৃক্ক বিকল হোৱাৰ কথা ধৰা পৰে।

অতি সংকটজনক অৱস্থাত বৰ্তমান সময়ত ভেণ্টিলেটৰত চিকিৎসাধীন হৈ থকা নাট্যকাৰ গৰাকীৰ চিকিৎসাৰ বাবে বৰ্তমান সময়ত যথেষ্ট ধনৰ প্ৰয়োজন হৈছে।

পৰিয়ালৰ লোকৰ লগতে অসমৰ ভ্ৰাম্যমান নাট্যজগতৰ শিল্পী-কলাকুশলী সকলে বিশিষ্ট নাট্যকাৰ গৰাকীৰ চিকিৎসাৰ ব্যয় অসম চৰকাৰক বহন কৰাৰ বাবে অনুৰোধ জনাইছে।