NORTHEAST NOW (Assamese)
Popular Stories

ৰাজস্থানত কৃষক নেতা ৰাকেশ টিকাইটৰ কনভয়ত আক্ৰমণ; কোনে কৰিলে এই আক্ৰমণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 8:23 pm
tikaat

ভাৰতীয় কিষাণ মৰ্চা তথা সংযুক্ত কিষাণ মৰ্চাৰ নেতা ৰাকেশ টিকাইতৰ কনভয়ত আক্ৰমণ সংঘটিত হৈছে।

শুকুৰবাৰে ৰাজস্থানৰ আলৱাৰ জিলাৰ টাটাপুৰ গাঁৱত এই আক্ৰমণ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

কৃষক নেতাগৰাকীয়ে হাৰছ’ৰাৰ এখন জনসভা সম্বোধি বানসুৰৰ জনসভালৈ গৈ থকাৰ অৱস্থাতে টাটাপুৰ নামৰ ঠাইত তেওঁৰ কনভয়টোৰ ওপৰত আক্ৰমণ সংঘটিত হয়।

কৃষক নেতাগৰাকীয়ে বিজেপিৰ সদস্যই তেওঁৰ কনভয়ত আক্ৰমণ কৰা বুলি দাবী কৰিছে।

“ৰাজস্থানৰ আলৱাৰ জিলাৰ টাটাৰপুৰ বানসুৰ পথত  বিজেপিৰ গুণ্ডাই ঘেৰি আক্ৰমণ কৰে। গণতন্ত্ৰৰ মৃত্যু হৈছে।” কৃষক নেতা টিকাইটে টুইটাৰত এইদৰে কয়।

ইফালে কৃষক নেতাগৰাকীক আক্ৰমণৰ খবৰ পোৱাৰ লগে লগে কৃষকসকলে ইয়াৰ প্ৰতিবাদত দিল্লী-উত্তৰ প্ৰদেশৰ গাজীপুৰ পথ অৱৰোধ কৰিছে।