NORTHEAST NOW (Assamese)

কৃষক আন্দোলন সমাপ্তিৰ সম্ভাৱনা! আজি আলোচনাত বহিব কৃষক নেতৃত্ব

December 8, 2021 11:24 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 8, 2021 11:25 am

সূদীৰ্ঘ এবছৰযোৰা কৃষক আন্দোলনৰ আজি সমাপ্তি ঘটাৰ সম্ভাৱনা আছে। কেন্দ্ৰৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই আজি পাঁচ জনীয়া পেনেল গঠনৰ উদ্দেশ্যে আজি দিল্লীত আলোচনাত বহিব কৃষক নেতৃত্ব।

যোৱা ১৯ নৱেম্বৰত আচৰ্যজনকভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছত ইতিমধ্যে দুই সংসদত কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে।

অৱশ্যে MSP কে ধৰি কৃষকৰ আন দাবীৰ সমস্যাটো সমাধান নোহোৱালৈকে কৃষকসকলে আন্দোলন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছিল ।

আজি ১০.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত নিৰ্বাচিত পাঁচজন কৃষক নেতাই সিংঘু সীমান্তৰ প্ৰতিবাদস্থলীত আন এক বৈঠকত ভাগ ল’ব।

কৃষক নেতাসকলে জনাইছে যে তেওঁলোকে ফোনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছে। এক বিশেষ সূত্ৰ অনুসৰি কালি কেন্দ্ৰই কৃষকসকলৰ প্ৰায় সকলো দাবীৰ ওপৰত লিখিত আশ্বাস প্ৰদান কৰিবলৈ ইচ্ছুক হোৱাৰ ইংগিত দিছিল।

যোৱা সপ্তাহত কৃষকসকলে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ সৈতে এটা ফোন কলৰ জৰিয়তে কৃষকৰ দাবীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এক পাঁচ জনীয়া পেনেল গঠনৰ আহ্বান জনাইছে বুলি প্ৰকাশ কৰিছিল

উল্লেখ্য মঙ্গলবাৰে কৃষক নেতৃত্বৰ মাজত এক পেনেল আলোচনা অনুষ্ঠিত হৈছিল। কিন্তু এই বৈঠকত কৃষক নেতৃত্ব কোনো মীমাংসাত উপনীত নহ’ল।

Related News