NORTHEAST NOW (Assamese)
Popular Stories

অপ্ৰতিৰোধ্য দেশৰ কৃষক বিদ্ৰোহ : টোল গেট বন্ধ কৰিলে বিদ্ৰোহী কৃষকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2020 3:06 pm
index.jpga

এটা পষেকৰ পিছতো থমা নাই দেশৰ কৃষক বিদ্ৰোহ। বৰং দিন অতিক্ৰম কৰাৰ সমান্তৰালভাৱে নতুন নতুন কৌশলেৰে নৰূপত সংগঠিত হৈছে দেশৰ কৃষক বিদ্ৰোহে।

বিদ্ৰোহী কৃষক সংগঠনসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ পাঁচ লানিকৈ আলোচনা ব্যৰ্থ হোৱাৰ পিছতে যোৱা ৮ ডিচেম্বৰত কৃষক সংগটনসমূহে ভাৰত বন্ধৰ আহ্বান জনাইছিল।

ভাৰত বন্ধ সফল হোৱাৰ পিছত সেইদিনাই সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজ চৰকাৰী বাসগৃহত কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল। সেই আলচোনাও ব্যৰ্থ হয়।

সেই আলোচনা ব্যৰ্থ হোৱাৰ পিছতে কৃষক সংগঠনসমূহে পুনৰ আন্দোলনৰ নতুন সূচী ঘোষণা কৰে।

এই সূচী অনুসৰি কৃষক সংগঠনসমূহে দেশৰ জনগণক ১২ ডিচেম্বৰত দেশজুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট বন্ধ কৰাৰ লগতে দিল্লী-জয়পুৰ এক্সপ্ৰেছ হাইৱে অৱৰোধ কৰাৰ কথা ঘোষণা কৰিছিল।

বিদ্ৰোহী কৃষক সংগঠনসমূহৰ এই আহ্বানৰ প্ৰতি সহাঁৰি জনায় দেশৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত টোলগেটসমূহক বিদ্ৰোহী কৃষকে বন্ধ কৰি তোলা পৰিলক্ষিত হয়।

হাৰিয়ানাৰ কৃষকসকলে ১২ ডিচেম্বৰ(আজি)ত আম্বালা আৰু কৰ্ণালৰ টোল গেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।

“যোৱা নিশাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা বাহনসমূহে টোলগেটত কৰ দিয়া নাই। বহু কৃষকে আহি টোল গেটত কৰ সংগ্ৰহত বাধা আৰোপ কৰাৰ ফলত টোলগেট বন্ধ হৈ আছে। আমি কোনো খবৰ লাভ কৰা নাই কৃষকসকলে কিমান সময় টোলগেট বন্ধ কৰি ৰাখে। তথাপিও আমি আশা কৰিছো আজি মাজ নিশা তেওঁলোকে টোলগেটসমূহ তেওঁলোকৰ কব্জাৰ পৰা মুক্ত কৰি দিব।” আম্বালাৰ চাম্ভু টোলগেটৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবি তিৱাৰীয়ে কয়।

ইফালে বিদ্ৰোহী কৃষকসকলে কৰ্ণালৰ টোলগেটো সম্পূৰ্ণ বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে।

শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লী জয়পুৰ এক্সপ্ৰেছ হাইৱে সম্পূৰ্ণৰূপে অৱৰোধ কৰি ৰাখিছে প্ৰতিবাদকাৰী কৃষকসকলে।