NORTHEAST NOW (Assamese)

আক্রোশী চৰকাৰ, লাইভ ভিডিঅ’ৰ সম্প্ৰচাৰ কৰাৰ বাবেই ব্লক কৰি দিয়া হ’ল কৃষকৰ ফেচবুক একাউণ্ট

December 21, 2020 7:30 am · এন ই নাও নিউজ
Updated: December 21, 2020 11:31 am

কৃষক বিদ্ৰোহৰ জুয়ে এতিয়া দিল্লীৰ মছনদ ক্ৰমাৎ উত্তপ্ত কৰি তুলিছে।

এনে সময়তে কৃষক বিদ্ৰোহৰ অধিক খবৰ যাতে বিয়পি পৰিব নোৱাৰে তাৰ সকলো ব্যৱস্থাই কৰা হৈছে।

তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ হাজাৰ কৃষকে বিগত ২৫ দিন ধৰি দিল্লীত অব্যাহত ৰখা আন্দোনৰ লাইভ ভিডিঅ” প্ৰচাৰৰ সময়তে ব্লক কৰি দিয়া হ’ল কৃষকৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ একাউণ্ট।

কৃষকসকলৰ সৰ্ববৃহৎ সংস্থা কিষাণ একতা মৰ্চাৰ পেজৰ জৰিয়তে বগত কিছুদিন ধৰি কৃষক বিদ্ৰোহৰ শেহতীয়া গতিধাৰা সম্পৰ্কে বিশ্ববাসীক জনাই থকা হৈছিল।

কিন্তু দেওবাৰে আশ্চৰ্যজনকভাবে মৰ্চাৰ ফেচবুক পেজ ব্লক কৰি দিয়া হয়।ফেচবুকৰেই অন্তৰ্গত ইনষ্টাগ্ৰামৰ পেজৰ ক্ষেত্ৰতো একে ব্যৱস্থাই গ্ৰহণ কৰা হয়।ইনষ্টাগ্ৰমৰ পেজৰ জৰিয়তেও কৃষক সংগঠনটোৱে কৃষক বিদ্ৰোহৰ লাইভ ভিডিঅ’ দিয়াৰ লগতে অন্যান্য তথ্যও সৰবৰাহ কৰি আহিছিল।

ব্লক কৰাৰ ফলত ইনষ্টাগ্ৰামৰ জৰিয়তেও কৃষক সংগঠনটোৱে কোনো পোষ্ট আপডেট দিব নোৱাৰা হৈ পৰে।

কৃষকৰ আন্দোলনক সমৰ্থন জনোৱা স্বৰাজ ইণ্ডিয়াৰ নেতা যোগেন্দ্ৰ যাদৱে এটা লাইভ ভিডিঅ’ দিয়াৰ সময়তে কৃষক সংগঠনটোৰ পেজ ব্লক কৰা হয়।

চৰকাৰৰ সৈতে ছ’চিয়েল মিডিয়া পৰিচালনা কৰা সংস্থাসমূহৰ লেটি-পেটি থকাৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে।

Related News