NORTHEAST NOW (Assamese)
অসম

জুবিন গাৰ্গক কৃষি এম্বেচাডৰ কৰাৰ ভেকোভাওনা বন্ধ কৰিবলৈ কৃষি মন্ত্ৰীক দাবী কৃষক সংগঠনৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 10, 2020 3:15 pm
index.jpgjj

বিগত সময়ত আমাৰ কৃষকৰ হেজাৰ হেজাৰ গাহৰি স্বোৱাইন ফিভাৰত মৰাৰ পিচতো ক্ষতিপূৰণৰ নামত কোনো পদক্ষেপ গ্ৰহণ নকৰি কৃষিমন্ত্ৰী অতুল বৰাই কেৱল মাত্ৰ মিডিয়াৰ আগত ওলাই জুবিন গাৰ্গৰ দৰে এজন সাংস্কৃতিৱান লোকক কৃষি বিভাগৰ এম্বেচাদৰ কৰাৰ কোনো প্ৰয়োজন নাই৷

জুবিন গাৰ্গক কৃষি এম্বেচাদৰ কৰাৰ ভেকোভাওনা বন্ধ কৰি আমাৰ কৃষি সম্পত্তিৰ উচিত ক্ষতিপূৰণ দিয়ক অন্যথা কৃষিমন্ত্ৰী হিচাবে অতুল বৰাৰ বোকাখাতত থকাৰ কোনো যুক্তি নাই৷

আজি বোকাখাত আয়োজিত কৃষকৰ এক বিক্ষোভত এইদৰে কয় জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা প্ৰনৱ দলেই৷

সমগ্ৰ দেশৰ ২৫৮ টা কৃষক সংগঠনৰ লগতে আজি নিখিল ভাৰত কৃষক সভা আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগতো ই আই এ ২০২০ আইন বাতিলৰ দাবীত বোকাখাততো বিক্ষোভ প্ৰদৰ্শন কৰি ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মৰক পত্ৰ প্ৰেৰণ কৰে৷

এই উপলক্ষে বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিতে আয়োজিত এক প্ৰতিবাদী পথ সভাত নিখিল ভাৰত কৃষক সভাৰ হৈ বলো বৰা আৰু জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰনৱ দলেই ই এ আই ২০২০ বাতিল কৰা আৰু মোডী চৰকাৰৰ দিনত সৃষ্টি হোৱা কৃষকৰ সমস্যাৰ ওপৰত উদাত্ত ভাষণ প্ৰদান কৰে৷

অনুষ্ঠানত জীপালৰ নেতা সোণেশ্বৰ নৰহৰ নেতৃত্বত কৃষকসকলে কৃষকৰ সমস্যা আৰু ই এ আই ২০২০ আইন বাতিলৰ দাবীৰ লগতে কৃষকৰ সমস্যী সমাধানৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

পিছত সমদল কৰি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ গৈ ই এ আই ২০২০ আইন বাতিলৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ বুলি মহকুমাধিপতিৰ যোগেদি এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷