NORTHEAST NOW (Assamese)
Popular Stories

নাবালিকা কন্যাক ধাৰাবাহিক যৌন নিৰ্যাতন পিতৃৰ : অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2020 8:21 pm
index.jpg

নিজ পিতৃৰ বিকৃত যৌন কামনাৰ বলি হৈছে এগৰাকী কিশোৰী।

নৱম শ্ৰেণীত অধ্যয়নৰত নিজ কন্যাক যৌন নিপীড়ন চলোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিতৃ গৰাকীক।

ঘটনাৰ বিৱৰণীৰ মতে, পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগাণা জিলাৰ বুড়ালুৰ বাসিন্দা পিতৃ গৰাকীয়ে ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি নিজ কন্যাক দীৰ্ঘ দিন ধৰি যৌন নিৰ্যানত চলাই আহিছিল।

আৰক্ষীয়ে জনোৱা মতে পিতৃ গৰাকীয়ে এই কথা ৰাজহুৱা নকৰিবলৈ কিশোৰী কন্যাক ভাবুকিও দি আহিছিল।

কিন্তু শুকুৰবাৰে সমগ্ৰ ঘটনাটো কিশোৰী গৰাকীয়ে মাহীয়েকক অৱগত কৰে।

ইয়াৰ পিছতে শুকুৰবাৰৰ ৰাতিয়ে মাহীয়েকৰ সৈতে নৰেন্দ্ৰপুৰ আৰক্ষী থানাত উপস্থিত হৈ কিশোৰী গাৰীকয়ে পিতৃৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

লিখিত অভিযোগ পোৱাৰ পিছত ৰাতিয়ে কিশোগৰাকীৰ পিতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইফালে নিৰ্যাতিতা কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বুলি জাবিনলৈ দিয়ে আৰক্ষীয়ে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

স্থানীয় লোকে অভিযুক্ত পিতৃ গৰাকীৰ কঠোৰতম শাস্তিৰ দাবী কৰিছে।