NORTHEAST NOW (Assamese)
অসম

গণ সংক্ৰমণৰ আশংকা : গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোকক পুনৰ ওভতাই পঠালে গুৱাহাটীলৈ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা June 29, 2020 2:53 pm
Coronavirus-1-1140x570

গুৱাহাটী মহানগৰত চৰকাৰে কোভিড ১৯ ৰ গণ সংক্ৰমণ প্ৰতিৰোধ বাবে ১৪ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ লগেলগে গুৱাহাটীত কৰ্মৰত শ্ৰমিকৰ লগতে একাংশ লোকে ধাপলি মেলিছে নিজ গৃহলৈ৷

বিগত দুটা দিন ধৰি গুৱাহাটীৰ পৰা গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী মানকাছাৰ আদিলৈ বাছৰে আহিছে শ শ লোক৷

গুৱাহাটীৰ পৰা বাছৰে অহা এই লোকসকলে বাছৰ ভিতৰতো গ্ৰহণ কৰা নাই সামাজিক দূৰত্বৰ কথা৷

ইফালে গুৱাহাটীৰ পৰা অহা এই সকলোক লোকে গাঁও সমূহত প্ৰৱেশ কৰাৰ পিছতে এই অঞ্চল সমূহতো গুৱাহাটীৰ দৰে কোভিড১৯ ৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে একাংশ লোকে৷

কিয়নো গণ সংক্ৰমিত এলেকাৰ পৰা অহা এই সকললোকক কৰা নাই কোনো স্বাস্থ্য পৰীক্ষা ৷

শেহতীয়াকৈ পোৱা খবৰ অনুসৰি গুৱাহাটীত ল’কডাউন ঘোষণাৰ পিছতে নিজ গৃহলৈ বুলি অহা এগাৰাকী মহিলাসহ দুই সন্তানক গণ সংক্ৰমণৰ আশংকাত ৰাতিটো ৰাখি পুৱাই পুনৰ গুৱাহাটীলৈ পঠিয়াই দিয়াৰ এক খবৰ আহিছে৷

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ পৰা কালি বিয়লি কৃষ্ণাইৰ টকুৰাৰ নিজ ঘৰত দুই সন্তানসহ এগৰাকী মহিলা উপস্থিত হোৱা খবৰ লাভ কৰি স্থানীয়লোকে আশা কৰ্মীক খবৰ দিয়ে।

আশা কৰ্মী গৰাকীয়ে গুৱাহাটীৰ পৰা ঘৰলৈ অহা লোককেইজনক হোম কোৱাৰেন্টতাইন কৰাৰ পৰামৰ্শ দি গুচি যায়৷

ইফালে পৰিয়ালৰ মুৰৰ্ব্বীয়ে হোম কোৱাৰেন্টাইন হোৱাৰ ভয়ত মহিলাসহ দুই সন্তানক ৰাতিপুৱাই পুনৰ গুৱাহাটীলৈ ওভতাই পঠালে৷

ঘটনাৰ সবিশেষ জানি স্থানীয় একাংশ লোক অঞ্চলটোত গণ সংক্ৰমণৰ হ’ব পাৰে বুলি শংকিত হৈ পৰে৷

অৱশ্যে গুৱাহাটীৰ পৰা অহা লোকসকলে যিহেতু এটা ৰাতি পৰিয়ালৰ সতে অতিবাহিত কৰিলে সেই কাৰণে স্থানীয়লোকে পৰিয়ালটোক নিজাববীয়াকৈ ১৪ দিনৰ বাবে হোম কোৱাৰেন্টাইন কৰে৷

গুৱাহাটীৰ পিছতে ৰাজ্যৰ অন্যপ্ৰান্তত গণ সংক্ৰমণৰ আশংকাত ৰাইজ চিন্তিত হোৱা পৰিলক্ষিত হৈছে৷

গুৱাহাটীৰ পৰা ঘৰলৈ আহা লোক সকলোক স্বাস্থ্য বিভাগ অথবা প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা নাই ৷