NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত অভিনন্দন অনুষ্ঠান : ধৰিত্ৰী কাকতি আমফিসহ কৃতি শিক্ষক ৰাজেন বৰাক সম্বৰ্ধনা

Posted by: চানু গগৈ Updated by: চানু গগৈ December 28, 2020 8:30 pm
index.jpgb

“লোক সেৱা শব্দৰ অৰ্থ হৃদয়গংম কৰি লোক সেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণসকলে কৰ্তব্যত যোগদান কৰিব লাগে”- মৰিগাঁও মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আজি ভাষণ প্ৰসংগত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে।

শিক্ষা বিষয়া গৰাকীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ধৰিত্ৰী কাকতি আমফিৰ আদৰ্শৰে বাট বুলিবলৈ আহ্বান জনাই সাৰুৱা ভাষণ প্ৰদান কৰে।

মজলীয়া বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদ্য প্ৰাক্তন সভাপতি হৰেন শৰ্মাৰ সঞ্চালনত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মৰিগাঁও মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী ধৰিত্ৰী কাকতি আমফিক গামোচা, জাপি গ্ৰন্থৰ টোপোলা, মান পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

কনকলতা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু প্ৰজ্ঞালিপি শৈক্ষিক ই-পত্ৰিকা মৰিগাঁৱৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰা মৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন বৰাকো সম্বৰ্ধনা জনোৱা হয়।

জিলা আঁচনি বিষয়া ৰাজেন গোস্বামী, মৰিগাঁও উচ্চতৰ ও বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ফুল নাথ, প্ৰজ্ঞালিপিৰ কাৰ্যবাহী সম্পাদক ৰাজীৱ চহৰীয়া, শিক্ষয়িত্ৰী মঞ্জু দত্ত, শিক্ষক খগেন বৰা, শিক্ষক যুৱ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়খনৰ শিক্ষকবৃন্দ আৰু শিক্ষাৰ্থীসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানটিৰ আঁত ধৰে কনকলতা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক তথা প্ৰজ্ঞালিপিৰ সম্পাদক ভবেশ ঠাকুৰীয়াই।

উল্লেখযোগ্য যে, সম্বৰ্ধনা গ্ৰহণ কৰি ধৰিত্ৰী কাকতি আমফিয়ে অনাগত দিনত শিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।