NORTHEAST NOW (Assamese)

কাজিৰঙাত পুনৰ গঁড় নিধনঃ চোৰাং চিকাৰীয়ে কাটি লৈ গ’ল খৰ্গ

January 22, 2024 5:56 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাং চিকাৰীয়ে নিধন কৰিছে এটা গঁড়।

ৰাষ্ট্ৰীয় উদ্যানখনত আজি পুৱা উদ্ধাৰ হৈছে এটা গঁড়ৰ মৃতদেহ।

অগৰাতলি বনাঞ্চলৰ মাকলুং বন শিবিৰ এলেকাত গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

মৃতদেহটো এটা মাইকী গঁড়ৰ বুলি নিশ্চিত কৰিছে বন বিভাগে।

ইফালে গঁড়টোক হত্যা কৰি চোৰাং চিকাৰীয়ে গঁড়ৰ খৰ্গটো কাটি নিয়ে।

দেওবাৰে নিশা চোৰাং চইকাৰীয়ে এই কাণ্ড কৰা বুলি সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত বন বিভাগে বিশেষ বিৱৰণ এইপৰ্যন্ত প্ৰকাশ কৰা নাই।

Related News