NORTHEAST NOW (Assamese)
অসম

মানসত উদ্ধাৰ গঁড়ৰ কংকাল: চোৰাংচিকাৰৰ সন্দেহ স্থানীয় ৰাইজৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 2, 2023 5:08 pm
rhino skeleton recovered

মানস ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে মৃত গঁড়ৰ এটা কংকাল। উদ্যানখনৰ ভাবাৰী ৰেঞ্জৰ কহিতমা বিটৰ পৰা যোৱা নিশা উদ্ধাৰ কৰা হৈছে গঁড়টোৰ কংকাল। উদ্ধাৰ হোৱা কংকালটো মাইকী গঁড়ৰ বুলি জানিব পৰা গৈছে।

ইফালে বন বিভাগে গঁড়টোৱে আন গঁড়ৰ সৈতে হোৱা কাজিয়াৰ ফলত প্ৰাণ হেৰুৱাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিলেও স্থানীয় ৰাইজে গঁড়টোক চোৰাংচিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

লগতে বন বিভাগে এই গঁড় হত্যাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। এগৰাকী স্থানীয় লোকৰ ভাষ্য মতে, বিগত দুমাহৰ ভিতৰত দুটা কংকাল উদ্ধাৰ কৰা হৈছে মানসত।

তেওঁ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা আন তিনিটা গঁড়ো নিৰুদ্দেশ হৈছে বুলি সন্দেহ প্ৰকাশ কৰে।

উল্লেখ্য যে, গত জুন মাহত মানস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ ঘন অৰণ্যৰ পৰা গঁড়ৰ আন এটা কংকাল উদ্ধাৰ কৰা হৈছিল।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহবাৰী ৰেঞ্জৰ পৰা প্ৰায় ৫০০ মিটাৰ ঘন বনাঞ্চলৰ ভিতৰত উদ্ধাৰ হৈছিল কংকালৰ অৱশিষ্ট। উদ্ধাৰ হোৱা কংকালটোত খৰ্গৰ কোনো চিন নাছিল।

সেয়ে স্থানীয় ৰাইজে মে’ মাহতে গঁড়টো চিকাৰীয়ে হত্যা কৰিছিল বুলি দাবী কৰিছে আৰু বন বিষয়াসকলে এই ঘটনা ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ কৰিছে।