NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত বিদ্যালয়ত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ শিক্ষয়িত্ৰীক গুলীয়াই হত্যা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 31, 2022 6:55 pm

পুনৰ কাশ্মীৰী পণ্ডিতৰ হত্যাই জোকাৰি গ’ল কাশ্মীৰক। কিছদিন পূৰ্বে সন্ত্ৰাসবাদীয়ে কাৰ্যালয়ৰ ভিতৰতে এজন কাশ্মীৰী পণ্ডিতক হত্যা কৰাৰ পিছত আজি পুনৰ এগৰাকী শিক্ষয়িত্ৰীক বিদ্যালয়ৰ চৌহদতে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে।

নিহত শিক্ষয়িত্ৰীগৰাকী গৰাকীয়ে কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰাৰ এখন হাইস্কুলত কৰ্মৰত আছিল।

সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু হোৱা কাশ্মীৰি শিক্ষয়িত্ৰী গৰাকীৰ নাম ৰজনী বালা বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স হৈছিল ৩৬ বছৰ।ৰজনী বালা জম্মুৰ চাম্বাৰ বাসিন্দা আছিল।

এই হত্যাকাণ্ডৰ সৈতে জড়িত থকা সন্ত্ৰাসবাদীৰ সন্ধানত জম্মু-কাশ্মীৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য ২০২১ চনৰ ৭ অক্টোৱৰতো জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীয়ে এখন চৰকাৰী বিদ্যালয়ৰ দুজন শিক্ষকক গুলীয়াই হত্যা কৰিছিল।

হত্যাৰ বলি হোৱা শিক্ষক দুজনৰ এজন সংখ্যালঘু শিখ আৰু আনজন হিন্দু সম্প্ৰদায়ৰ আছিল।