NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি! আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

June 19, 2022 4:16 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

বাৰিষা ফেনে ফুটুকাৰে বাঢ়িছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ কৰা হৈছে নাওঁ বা ফেৰী সেৱা।

গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰৰ পৰা বন্ধ ৰখা হৈছে ফেৰীসেৱাসমূহ।


এইক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহন বিভাগে জাৰি কৰিছে জাননী।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে প্ৰবল সোঁতৰ বাবে এই ফেৰী সেৱাসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে।

ফেৰীসেৱা বন্ধ হোৱাৰ লগেলগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত ৷

ইতিমধ্যে যোৱা ১৫ মে’ৰ পৰা বন্ধ কৰা হৈছে যোৰহাট-মাজুলীৰ ফেৰীসেৱাসমূহ।

নেৰানেপেৰা বৰষুণৰ ফলত তৰিৎ গতিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত মাজুলী-নিমাতী সংযোগী ফেৰী সেৱা ব্যাহত হৈ পৰিছে।

নিতৌ বহু হাজাৰ যাত্ৰীৰ আহ-যাহৰ অন্যতম মাধ্যম ব্যস্ত ফেৰীঘাটসমূহত ফেৰীৰ সংখ্যা কমি যোৱাত যাত্ৰীসকল যথেষ্ট সমস্যাত পৰিছে।

Related News