NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ মহাবিদ্যালয়ত ৰঙৰ উৎসৱ : শিক্ষাৰ্থীৰ ৰঙৰ পৰশত প্ৰাণ পায় উঠিছে মহাবিদ্যালয়ৰ চৌহদ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম February 8, 2021 4:19 pm
Biswanath

ক’ৰ’ণা জটিল কালত সাৰ্বজনিক আনন্দ উল্লাসৰ বাধাক একাষৰীয়া কৰি পুনৰ যেন উজ্জীৱিত হৈ পৰিছে বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাঙ্গণ।

দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলো ব্যস্ত হৈ পৰিছে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ বাবে।

এই উছাহৰ মাজতে উত্তৰ অসমৰ এখন মহাবিদ্যালয়‌ক সজায় তোলাৰ ব্যস্ত হৈ পৰিছে এদল তৰুণ শিল্পী।‌

হাতে-হাতে কলম আৰু বহীৰ সলনি ৰং তুলিকা লৈ এইসকল শিল্পীয়ে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাচীৰত অংকন কৰিলে সভ্যতা আৰু সংস্কৃতিৰ প্ৰনিধিত্বমূলক চিত্ৰ।

অসমীয়া জাপিৰ পৰা পৰিৱেশ সংৰক্ষণলৈকে ভিন্ন বিষয়ৰ চিত্ৰৰে উদ্ভাসিত হৈছে মহাবিদ্যালয়ৰ দেৱালসমূহ।

বিশ্বনাথ মহাবিদ্যালয় পৰিয়াল আৰু মহাবিদ্যালয়ৰ আছু গোটৰ সহযোগত দেৱাল অংকনৰ লগতে অনুষ্ঠিত হয় স্পট ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতা।

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাৰ সামগ্ৰিক আৰু সৰ্বাঙ্গীন বিকাশৰ বাবে ২০১৫ চনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ দৰেই এইবাৰো অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভূতপূৰ্ব সঁহাৰি দেখা পোৱা গ’ল।

অনুষ্ঠানত মূখ্য আকৰ্ষণৰ ৰূপত উপস্থিত থাকে জনপ্ৰিয় শিল্পী নীলিম মহন্ত। অনুষ্ঠানত উপস্থিত থকাৰ লগতে নীলিম মহন্তৰ স্পৰ্শত মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত আঙুলিৰ যাদুৰ মাজেৰে অংকন কৰা চিত্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।