NORTHEAST NOW (Assamese)
অসম

কোচ-ৰাজবংশী সংস্কৃতিৰ উপাদানৰ সমাহাৰেৰে উজলি উঠিল বইটামাৰী

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও February 11, 2022 2:51 pm

উদুলি মুদুলি হৈ উঠিল বঙাইগাঁও জিলাৰ বইটামাৰীৰ বান্নিপাৰা-সুদামভিটা অঞ্চল ।

দ্বীপ নাৰায়ণ ক্ষেত্ৰত আৰম্ভ হোৱা বইটামাৰী ক্ষত্ৰিয় সমিতিৰ মহামিলন মহোৎসৱৰ দ্বিতীয় অৰ্থাৎ অন্তিম দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় উদযাপন সমিতিয়ে ।

শোভাযাত্ৰা উদ্বোধন কৰে ত্ৰৈলোক্য নাৰায়ণ দেৱে । এই শোভাযাত্ৰাত বহু লোকে অংশগ্ৰহণ কৰে ।

ইয়াকে লৈ মহোৎসৱস্থলী তথা পাৰ্শ্চৱতী অঞ্চলত এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰে ।

শোভাযাত্ৰাত লোক কৃষ্টি সমূহ প্ৰদৰ্শিত হয় । ইয়াৰ পূৰ্বে পুৱা শক্তি পূজা আৰু সমূহীয়া উপনয়ন পৰ্ব অনুষ্ঠিত হৈ যায় ।

বিয়লি অনুষ্ঠিত হয় মুকলি সভা ।

সভাত সভাপতিত্ব কৰে বইটামাৰী ক্ষত্ৰিয় সমিতিৰ সভাপতি মাণিক চন্দ্ৰ ৰায়ে ।

সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনৰ লগতে আন বহু গুণী-জ্ঞানী ব্যক্তি ।