NORTHEAST NOW (Assamese)
অসম

ভোগালী বিহুৰ উৰুকা উপলক্ষ্যে টীয়কৰ বজাৰত গ্ৰাহকৰ ভীৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 13, 2021 1:11 pm

মাঘ বিহুৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে ভীৰ হোৱা পৰিলক্ষিত হৈছে অসমৰ প্ৰত্যেকখন বজাৰতে।

ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ টীয়ক। টীয়কৰ কলিয়াপানীৰ সাপ্তাহিক বজাৰত দেখা গৈছে গ্ৰাহকৰ ভীৰ।

অন্যান্য বজাৰৰ তুলনাত কলিয়াপানীৰ বজাৰত সামগ্ৰীৰ মূল্য কিছু কম বাবে গ্ৰাহকৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি পায় এইখন বজাৰত।

লগতে এই বজাৰত থলুৱা শাক পাচলিকে ধৰি বিহুৰ উপলক্ষ্যে বজাৰত কাঠ আলু, মিঠা আলু, মোৱা আলু, দৈ, মাটি দাইল, মাছ-মাংস, চিৰা-মুৰিকে ধৰি বিভিন্ন খাদ্যবস্তু উভৈনদীকৈ উপলব্ধ হৈ পৰিছে।

বৃহত্তৰ টীয়ক তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৃষকে ঘৰতে উৎপাদিত বিভিন্ন সামগ্ৰী ইয়ালৈ বিক্ৰীৰ বাবে লৈ আহি সেই টকাৰে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী ঘৰলৈ লৈ গৈছে।

যদিও সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে তৎসত্তেও অসমীয়াৰ বাপোতি সাহোন বিহুটি আদৰিবলৈ উৎসাহেৰে প্ৰতিখন অসমীয়াৰ ঘৰত প্ৰস্তুতি তুংগত চলিছে।